
নগাঁও, ১১ মে’ (হি.স.): ৰাজ্যৰ শিক্ষা বিভাগৰ অন্তৰ্গত একাংশ চৰকাৰী বিদ্যালয়ৰ প্ৰতি অভিভাৱকৰ অনিহা বৃদ্ধি পোৱা দেখা গৈছে। অভিযোগ অনুসৰি, বিদ্যালয়সমূহত সুচাৰুৰূপে পাঠদান নোহোৱাৰ ফলত বহু পিতৃ-মাতৃয়ে নিজৰ সন্তানক চৰকাৰী বিদ্যালয়ৰ পৰা নাম কৰ্তন কৰি আন বিদ্যালয়ত নামভৰ্তি কৰাবলৈ বাধ্য হৈছে । একেই দৃশ্য দেখিবলৈ পোৱা গৈছে নগাঁৱৰ চামগুৰিত। চামগুৰিৰ বি চি দাস কনোৱামাৰী মধ্য ইংৰাজী বিদ্যালয়ৰ পৰা চলিত শিক্ষা বৰ্ষত বৰ্তমানলৈকে আঠ জন শিক্ষাৰ্থীয়ে বিদ্যালয় ত্যাগ কৰি ব্যক্তিগত অথবা আন বিদ্যালয়ত নামভৰ্তি কৰোৱা বুলি জানিব পৰা গৈছে।
বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকসকলৰ অভিযোগ, বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ তুলনাত শিক্ষক-শিক্ষয়ত্ৰীৰ সংখ্যা অত্যন্ত কম। তাৰোপৰি একাংশ শিক্ষক-শিক্ষয়ত্ৰীয়ে নিয়মীয়াকৈ পাঠদান নকৰাৰ অভিযোগো উত্থাপন কৰিছে অভিভাৱকসকলে ।ইফালে বিদ্যালয় কৰ্তৃপক্ষই শিক্ষক সংকটৰ কথাই উল্লেখ কৰিছে। কৰ্তৃপক্ষৰ মতে, প্ৰয়োজনীয় শিক্ষক নথকাৰ বাবে নিয়মীয়াকৈ সকলো বিষয়ৰ পাঠদান চলাই নিয়া কঠিন হৈ পৰিছে। বিশেষকৈ অংক আৰু বিজ্ঞান বিষয়ৰ শিক্ষক নিযুক্তিৰ বাবে বাৰে বাৰে আবেদন কৰাৰ পিছতো কোনো সুফল লাভ কৰা হোৱা নাই বুলি বিদ্যালয় কৰ্তৃপক্ষই জানিবলৈ দিয়ে।
শিক্ষাৰ মানদণ্ড হ্ৰাস পোৱাৰ ফলত ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যৎ অন্ধকাৰময় হৈ পৰাৰ আশংকা প্ৰকাশ কৰিছে অভিভাৱকসকলে। এতিয়া বিষয়টো লৈ জিলা শিক্ষা বিভাগে কি পদক্ষেপ গ্ৰহণ কৰে সেয়া লক্ষণীয় হৈ পৰিছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ