শিৱসাগৰ জিলাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়াবহ পথ দুৰ্ঘটনা
শিৱসাগৰ জিলাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়াবহ পথ দুৰ্ঘটনা ।
শিৱসাগৰ জিলাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়াবহ পথ দুৰ্ঘটনা


শিৱসাগৰ, ১১ মে’ (হি.স.): শিৱসাগৰ জিলাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত যোৱা কালি দেওবাৰে বিয়লি এক ভয়াবহ পথ দুৰ্ঘটনা সংঘটিত হৈছে । তীব্ৰ বেগে অহা এখন হোণ্ডাই চেণ্ট্ৰ বাহনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষক খালত সোমাই পৰে । এই ঘটনাত দুজন যাত্ৰী আহত হয়।

জানিব পৰামতে, শিৱসাগৰ জিলাৰ কোঁৱৰপুৰৰ পৰা ডিব্ৰুগড় অভিমুখে গৈ থকা এএছ ০৬ ই ৭৭১৪ নম্বৰৰ হোণ্ডাই চেণ্ট্ৰ বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ মাজত থকা ডিভাইডাৰত খুন্দা মাৰি পথৰ দাতিৰ খালত সোমাই পৰে । পথ দুৰ্ঘটনাটোত গুৰুতৰভাবে আহত হয় ৰভি বাৰ্মা (২৬) আৰু দীপাংকৰ বাৰ্মা (২৮) নামৰ দুজন লোক। তেওঁলোকক ততাতৈয়াকৈ অসম চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।দুয়োজন যুৱকৰে অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande