
নগাঁৱ, ১১ মে (হি.স.)। নগাঁৱৰ চামগুৰি সোনাইবালিত গৰু চোৰৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। নগাঁৱৰ চামগুৰিত নিশা আৰক্ষীৰ অভিযানত জব্দ এখন ব্যক্তিগত বাহন আৰু ৬টা গৰু। নগাঁৱৰ সোণাৰিবালিৰ কলং পাৰৰ চাইকুল ইছলামৰ ঘৰৰ পৰা উদ্ধাৰ কৰা হয় গৰু কেইটা।
আৰক্ষীয়ে জব্দ কৰা বাহন খনৰ পঞ্জীয়ন নম্বৰ এএছ ০২এছ ১৯০৪ বুলি জানিব পৰা গৈছে।
আৰক্ষীৰ উপস্থিতিৰ উমান পাই পলায়ন কৰে অভিযুক্ত চাইকুল। উল্লেখ্য যে, চাইকুলৰ বিৰুদ্ধে পূৰ্বেও গৰু চোৰ আৰু ড্ৰাগছ বিক্ৰীৰ একাধিক গোচৰ চামগুৰি আৰক্ষী থানাত ৰুজু হৈ আছে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু