
নগাঁও, ১১ মে (হি.স.)। নগাঁৱৰ আমবাগান আৰক্ষীৰ জুৱা খেলৰ বিৰুদ্ধে অভিযান।
নিশা আমবাগান বজাৰত অভিযান চলাই আটক কৰে চাৰিটাকৈ কুখ্যাত জুৱাৰীক।
অভিযানত নগদ ৯০৩০ টকাৰ লগতে জুৱাখেলৰ সামগ্ৰী আৰু মোবাইল ফোন জব্দ কৰে আৰক্ষীয়ে।
লোক কেইজন ক্ৰমে পূৱ শোৱালনিৰ প্ৰদীপ দাস, উত্তৰ ভোমোৰাগুৰীৰ দুলাল দাস, ২নং ভাটিয়াখালীৰ আবু শ্বাহিদ আৰু দক্ষিণ ফুতাকলঙৰ আশ্ৰফ আলী বুলি জানিব পৰা যায়।
আটকাধীশ চাৰিওকে আজি নগাঁও জেল হাজোতলৈ প্ৰেৰণ কৰে আমবাগান আৰক্ষীয়ে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু