
হোজাই, ১১ মে (হি.স.)। লামডিঙত অনুষ্ঠিত জনপ্ৰিয় কন্ঠশিল্পী মৰ্মিতা মিত্ৰৰ সংগীতানুষ্ঠানত ৰাইজৰ ব্য়াপক সহাৰি। ৰাইজৰ মাজত ব্য়াপক আনন্দ -উল্লাস পৰিলক্ষিত হয় । নিশা ৰেল চহৰ লামডিঙত সংগীত পৰিৱেশন কৰে জনপ্ৰিয় কন্ঠশিল্পী মৰ্মিতা মিত্ৰ। চহৰ খনৰ মাজমজিয়াত থকা ৰেলৱেৰ বিবেকানন্দ ষ্টেডিয়াম খেল পথাৰত এই অনুষ্ঠানৰ আয়োজন কৰা হয়। হাজাৰ হাজাৰ ৰাইজ উপস্থিত আছিল মৰ্মিতা মিত্ৰৰ সংগীতানুষ্ঠানত।
জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলী জনাই শিল্পী গৰাকীৰে সংগীত পৰিৱেশন কৰা পৰিলক্ষিত হয়। সংগীত পৰিৱেশন চলি থকাৰ সময়ত একাংশ জুবিন অনুৰাগীয়ে জয় জুবিন দা ধ্বনি দিয়া পৰিলক্ষিত হয়। দুই দিনিয়া ৰঙালী বিহু সন্মিলন কমিটিয়ে আয়োজন কৰা অন্তিম দিনটোত মুখ্য অতিথি হিচাপে উপস্থিত থাকে লামডিঙ সমষ্টিৰ বিধায়ক শিবু মিশ্ৰ পত্নী মীৰা মিশ্ৰ, লামডিঙ ৰেল ডিভিজনৰ বিষয়া সকলৰ লগতে বিশিষ্ট ব্যক্তি।
জানিব পৰা মতে মৰ্মিতা মিত্ৰ অসুস্থ থকাৰ সত্বেও সংগীত পৰিৱেশন কৰা পৰিলক্ষিত হয়।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা