
গোৱালপাৰা, ১১মে (হি.স.)। গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ শালপাৰাত নিশা শোকাৱহ পথ দুৰ্ঘটনা ৷ উক্ত পথ দুৰ্ঘটনাত গুৰুতৰ ভাৱে আহত হয় বাহনৰ চালক গৰাকী ৷ দুৰ্ঘটনাগ্ৰস্ত চুইফট ডিজাইৰ বাহনৰ নম্বৰ এএছ ১৮ ডি ৪৫১১। দুৰ্ঘটনাটোত আহত লোকজনক দুধনৈৰ ৰুজভেল্ট ৰাভা বুলি জানিব পৰা গৈছে ৷ ৰুজভেল্ট ৰাভা গোৱালপাৰা জিলাৰ অসম গণ পৰিষদৰ (AGP)ৰ প্ৰাক্তন সম্পাদক ৷
নিশা কৃষ্ণাইৰ দিশৰ পৰা ১৭নং ৰাষ্ট্ৰীয় ঘাইপথৰে দুধনৈ অভিমুখে গৈ থকা সময়তে চুইফট ডিজাইৰ বানহ খন শালপাৰা বৰঝাৰত দুৰ্ঘটনাত পতিত হয় ৷
বাহন খন পথৰ দাঁতিত বাগৰি থকা প্ৰত্যক্ষ কৰি স্থানীয় লোক ঘটনাস্থলীত উপস্থিত হৈ লোক জনক উদ্ধাৰ কৰি দুধনৈৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।পিছত ঘটনাৰ খবৰ লাভ কৰি ঘটনাস্থলীত কৃষ্ণাই আৰক্ষীৰ লোক উপস্থিত হৈ প্ৰাথমিক তদন্ত কৰে আৰু বাহন খন থানাত লৈ যায় ৷ কোনো অচিনাক্ত বাহনে চুইফট ডিজায়াৰ বাহন খনক খুন্দা মাৰি পলায়ন কৰাৰ সন্দেহ কৰিছে স্থানীয় লোক ৷
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা