
নতুন দিল্লী, ১১ মে’(হি.স.)। জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই সোমবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰি ৰাজ্যখনৰ সৈতে জড়িত বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ত বিতংভাৱে চৰ্চা কৰে।
মুখ্যমন্ত্রী আব্দুলাই ছ’চিয়েল মিডিয়া পোষ্টত উল্লেখ কৰে যে এই বৈঠকত জম্মু-কাশ্মীৰৰ ৰাজ্যিকতা পুনৰুদ্ধাৰ, কাম-কাজৰ নিয়ম, সংৰক্ষণৰ যুক্তিযুক্ততা, আৰু শাসন আৰু জনকল্যাণৰ সৈতে জড়িত অন্যান্য গুৰুত্বপূৰ্ণ বিষয়সমূহৰ ওপৰত বিশদ আলোচনা কৰা হয়৷
এই বৈঠকত জম্মু-কাশ্মীৰৰ বৰ্তমানৰ নিৰাপত্তা আৰু অৰ্থনৈতিক পৰিস্থিতিৰ ওপৰতো আলোচনা কৰা হয় বুলিও তেওঁ কয়। দুয়োজন নেতাই অঞ্চলটোত স্থায়ী শান্তি, স্থিতিশীলতা, আৰু সৰ্বাংগীন উন্নয়ন নিশ্চিত কৰাত বিশেষ গুৰুত্ব আৰোপ কৰে।
সূত্ৰ অনুসৰি আগন্তুক অমৰনাথ যাত্ৰাৰ প্ৰস্তুতি আৰু নিৰাপত্তাৰ ব্যৱস্থাৰ বিষয়েও বৈঠকত আলোচনা কৰা হয়।
हिन्दुस्थान समाचार / অৰৱিন্দ