
কাঠমাণ্ডু, ১১ মে’ (হি.স.)। বিদ্যুৎ বিভাগৰ ই-বিডিং চফটৱেৰ হেক কৰি নিবিদা চুৰি কৰাৰ অভিযোগত আজি নেপাল আৰক্ষীৰ চাইবাৰ ব্যুৰোৱে প্ৰাক্তন নগৰ উন্নয়ন মন্ত্ৰী বিক্ৰম পাণ্ডেকে ধৰি ২২ জন লোকৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰে। কাঠমাণ্ডু জিলা ৰাজহুৱা অভিযুক্ত কার্যালয়ৰ তথ্য অনুসৰি ইয়াৰে ১৩ জন অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে ৯ জন এতিয়াও পলাতক অৱস্থাত আছে। গ্ৰেপ্তাৰ হোৱা অভিযুক্তৰ ভিতৰত আছে প্ৰাক্তন মন্ত্ৰী পাণ্ডে। আজি কাঠমাণ্ডু জিলা আদালতত পাণ্ডে আদিৰ বক্তব্য লিপিবদ্ধ কৰা হ’ব। বক্তব্যসমূহ লিপিবদ্ধ কৰাৰ পিছত ন্যায়িক জিম্মাত বিতৰ্ক আৰম্ভ হ’ব।
আৰক্ষীয়ে দাবী কৰিছে যে অভিযুক্তই বিটকইনৰ দৰে মুদ্ৰাৰ ব্যৱসায়ো কৰিছিল। সংগঠিত বিটকইন ব্যৱসায়ত লিপ্ত হোৱাৰ বাবে অভিযুক্তক শাস্তি প্ৰদান কৰিবলৈ দাবী জনাইছে অভিযোগনামাত। পাণ্ডে চিতৱানৰ ভাৰতপুৰৰ বাসিন্দা। ৰাষ্ট্ৰীয় প্ৰজাতন্ত্ৰ পাৰ্টিৰ পৰা সংসদৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। কালিকা কনষ্ট্ৰাকচন নামৰ নিৰ্মাণ কোম্পানীটোও তেওঁৰ মালিক।
তদন্ত অনুসৰি অভিযুক্তই অকৰ্তৃত্বশীল প্ৰৱেশ লাভ কৰাৰ লগতে বিত্তীয় প্ৰস্তাৱৰ সৈতে জড়িত নথি-পত্ৰ সলনি কৰে। ইয়াৰে এজন অভিযুক্ত দিৱাকৰ দেউজাৰ পলিগ্ৰাফ টেষ্টকে ধৰি বিভিন্ন প্ৰমাণৰ ভিত্তিত পাণ্ডেৰ জড়িততা নিশ্চিত হোৱা বুলি দাবী কৰা হৈছে। চাৰ্জ শ্বীটত দাবী কৰা হৈছে যে এই কামৰ বাবে ক্ৰিপ্টোকাৰেন্সীৰ জৰিয়তেও ধন স্থানান্তৰ কৰা হৈছিল, যাৰ ফলত ৰাজ্যৰ লোকচানো হৈছিল।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া