কাঠমাণ্ডু বিমানবন্দৰত পুনৰ বিমান চলাচল আৰম্ভ
কাঠমাণ্ডু, ১১ মে’ (হি.স.)। নেপালৰ ৰাজধানী কাঠমাণ্ডুৰ ত্ৰিভুৱন আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত তুৰ্কী এয়াৰৰ এখন বিমান ৰাণৱেৰ পৰা আঁতৰাই দিয়াৰ পিছত পুনৰ বিমান সেৱা আৰম্ভ হৈছে। টাৰ্কিছ এয়াৰৰ বিমানখন অৱতৰণ কৰাৰ সময়তে জুই লাগি প্ৰায় দুঘণ্টা ধৰি বন্ধ হৈ
काठमांडू हवाईअड्डा पर खड़ा टर्किश एयरलाइंस का विमान


কাঠমাণ্ডু, ১১ মে’ (হি.স.)। নেপালৰ ৰাজধানী কাঠমাণ্ডুৰ ত্ৰিভুৱন আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত তুৰ্কী এয়াৰৰ এখন বিমান ৰাণৱেৰ পৰা আঁতৰাই দিয়াৰ পিছত পুনৰ বিমান সেৱা আৰম্ভ হৈছে। টাৰ্কিছ এয়াৰৰ বিমানখন অৱতৰণ কৰাৰ সময়তে জুই লাগি প্ৰায় দুঘণ্টা ধৰি বন্ধ হৈ পৰে বিমানবন্দৰটো।

বিমানবন্দৰ কাৰ্যালয়ৰ বিষয়া ছাবী ঠাকুল্লাই কয় যে বিমানবন্দৰটো পুনৰ পুৱা ৯ বজাত কাৰ্যক্ষম হৈ উঠিছে । এতিয়া ডাইভাৰ্ট কৰা বিমানসমূহ অৱতৰণৰ প্ৰক্ৰিয়াত আছে । কাঠমাণ্ডু বিমানবন্দৰ বন্ধ হৈ থকাৰ সময়তে বাৰাণসীৰ পৰা বুদ্ধ এয়াৰৰ বিমান ছিমৰা বিমানবন্দৰ, শ্ৰী এয়াৰলাইন্সৰ বিমান বিৰাটনগৰ, এয়াৰ ইণ্ডিয়াৰ বিমান দিল্লী আৰু ফ্লাই ডুবাইৰ বিমান লক্ষ্ণৌলৈ ডাইভাৰ্ট কৰা হয়।

এই বাতৰি লিখাৰ সময়লৈকে দিল্লীৰ পৰা এয়াৰ ইণ্ডিয়াৰ বিমান, শ্বাৰজাহৰ পৰা এয়াৰ আৰৱৰ বিমান, ডোহাৰ পৰা কাটাৰ এয়াৰৰ বিমান, ডুবাইৰ পৰা ফ্লাই ডুবাইৰ বিমান, মালয়েছিয়াৰ পৰা নেপাল এয়াৰলাইন্সৰ বিমান অৱতৰণ কৰা হৈছে। হংকঙৰ পৰা অহা হিমালয় এয়াৰলাইন্সৰ এখন বিমান বৰ্তমান অৱতৰণৰ সাজু কৰি তোলা হৈছে ।

ৰাণৱে বন্ধ হোৱাৰ বাবে কাঠমাণ্ডু বিমানবন্দৰৰ পৰা চলাচল কৰিব নোৱাৰা এয়াৰ ইণ্ডিয়া (দিল্লী), হিমালয় এয়াৰলাইন্স (লাছা), জাজীৰা এয়াৰ (কুৱেইট), এয়াৰ আৰব (শ্বাৰজাহ), আৰু বুদ্ধ এয়াৰ (বাৰাণসী)ক চলাচল কৰিবলৈ অনুমতি দিয়া হৈছে । অগ্নিকাণ্ড সংঘটিত হোৱা টাৰ্কিছ এয়াৰৰ বিমানখনৰ কাঠমাণ্ডু-ইস্তানবুল বিমান বাতিল কৰা হৈছে । দুৰ্ঘটনাৰ বাবে ঘৰুৱা বিমান সেৱাও পলম হৈছে ।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande