
কাঠমাণ্ডু, ১১ মে’ (হি.স.)। ভাৰতৰ সীমান্তৱৰ্তী নেপালৰ মৰং জিলাৰ সশস্ত্ৰ আৰক্ষী বাহিনীয়ে নিয়মীয়া পৰীক্ষাৰ সময়ত ২০ লাখ টকা উদ্ধাৰ কৰিছে ।
মৰাং জিলা সশস্ত্ৰ আৰক্ষী বাহিনীৰ ডি এছ পি শৈলেন্দ্ৰ থাপাৰ তথ্য অনুসৰি সোমবাৰে পুৱা ভাৰতৰ পৰা অহা লোকৰ নিয়মীয়া পৰীক্ষাৰ সময়ত সীমান্ত সুৰক্ষা দলটোৱে ৫০০ ₹ৰ নোটৰ ৪০টা বাণ্ডিল উদ্ধাৰ কৰে। থাপাৰ মতে, ভাৰতৰ পৰা মটৰ চাইকেলেৰে গৈ থকা অৱস্থাত সন্দেহজনক ব্যক্তি এজনক পৰীক্ষা কৰাৰ পিছতে এই ধন উদ্ধাৰ কৰা হয় ।
থাপাই কয় যে মটৰ চাইকেল চলোৱা ব্যক্তিজনে কঢ়িয়াই অনা বেগটো পেলাই থৈ পলায়ন কৰে। উদ্ধাৰ কৰা হয় ধন। যুৱকজনৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই। উদ্ধাৰ হোৱা ভাৰতীয় মুদ্ৰাখিনি প্ৰয়োজনীয় আইনী ব্যৱস্থাৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষক গতাই দিয়াৰ প্ৰক্ৰিয়া চলি আছে ।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া