শোণিতপুৰ জিলাৰ নতুন নপাম গাওঁ পঞ্চায়তলৈ নানাৰ্জী দেশমুখ সৰ্বোত্তম পঞ্চায়ত সতত বিকাশ পুৰস্কাৰ ২০২৫
শোণিতপুৰ, ১১ মে'' (হি.স.)। ভাৰত চৰকাৰৰ পঞ্চায়তীৰাজ মন্ত্ৰালয়ে অসমৰ তিনিখন গাঁও পঞ্চায়তসহ দেশৰ ৪২খন গাওঁ পঞ্চায়তলৈ আগবঢ়োৱা ৰাষ্ট্ৰীয় পুৰস্কাৰ নানাৰ্জী দেশমুখ সৰ্বোত্তম পঞ্চায়ত সতত বিকাশ পুৰস্কাৰ ২০২৫ শোণিতপুৰ জিলাৰ নতুন নপাম গাওঁ পঞ্চায়তে
ভাৰত চৰকাৰৰ পঞ্চায়তীৰাজ মন্ত্ৰালয়ে অসমৰ তিনিখন গাঁও পঞ্চায়তসহ দেশৰ ৪২খন গাওঁ পঞ্চায়তলৈ আগবঢ়োৱা ৰাষ্ট্ৰীয় পুৰস্কাৰ নানাৰ্জী দেশমুখ সৰ্বোত্তম পঞ্চায়ত সতত বিকাশ পুৰস্কাৰ ২০২৫  শোণিতপুৰ জিলাৰ নতুন নপাম গাওঁ পঞ্চায়তে লাভ কৰাত


শোণিতপুৰ, ১১ মে' (হি.স.)। ভাৰত চৰকাৰৰ পঞ্চায়তীৰাজ মন্ত্ৰালয়ে অসমৰ তিনিখন গাঁও পঞ্চায়তসহ দেশৰ ৪২খন গাওঁ পঞ্চায়তলৈ আগবঢ়োৱা ৰাষ্ট্ৰীয় পুৰস্কাৰ নানাৰ্জী দেশমুখ সৰ্বোত্তম পঞ্চায়ত সতত বিকাশ পুৰস্কাৰ ২০২৫ শোণিতপুৰ জিলাৰ নতুন নপাম গাওঁ পঞ্চায়তে লাভ কৰাত আজি পঞ্চায়তখনৰ সভানেত্ৰী প্ৰমুখ্যে সদস্য সকলৰ মাজত আনন্দ উল্লাস পৰিলক্ষিত হয়।

উল্লেখযোগ্যযে ভাৰত চৰকাৰৰ পঞ্চায়তীৰাজ মন্ত্ৰনালয়ে সুশানযুক্ত পঞ্চায়ত, মহিলা অনুকূল পঞ্চায়ত, দৰিদ্ৰতা আৰু উন্নত জীৱিকা, স্বাস্থ্য সন্মত পঞ্চায়ত, শিশু অনুকূল পঞ্চায়ত,জল পৰ্য্যাপ্ত পঞ্চায়ত, পৰিস্কাৰ আৰু সেউজ পঞ্চায়ত,স্ব-নিৰ্ভৰশীল আন্ত:গাঠনি, সামাজিকভাৱে ন্যায় সঙ্গত আৰু সুৰক্ষিত পঞ্চায়ত বিষয় কেইটাৰ ওপৰত প্ৰকৃতাৰ্থত অৰ্জন কৰা দক্ষতা আৰু সফলতাৰ বাবেই ৰাষ্ট্ৰীয় পৰ্যায়ত এই সন্মান ভাৰত চৰকাৰে আগবঢ়োৱা বুলি সদৰি কৰিছে পঞ্চায়খনৰ সভানেত্ৰী হাজেৰা খাতুনে।

উল্লেখযোগ্য যে দহজনীয়া সদস্যৰে গঠিত নতুন নপাম গাওঁ পঞ্চায়তত ৭গৰাকী মহিলা প্ৰতিনিধি আৰু আঞ্চলিক পঞ্চায়তৰ সদস্য গৰাকীও মহিলা প্ৰতিনিধি। একেদৰে মহিলাৰ বাবে সুৰক্ষিত পঞ্চায়তখনৰ অধীনস্থ চৰকাৰী বিদ্যালয় কেইখনত ছাত্ৰ ছাত্ৰীৰ ড্ৰপ আউটৰ হাৰ শূন্য আৰু চৰকাৰী চিকিৎসালয়ৰ তথ্য অনুসৰি নতুন নপাম গাওঁ পঞ্চায়তৰ অন্তৰ্গত এলেকাত শূন্যৰ পৰা ৫বছৰ বয়সৰ এশ শতাংশ শিশুক চৰকাৰৰ প্ৰতিষেধক টিকাকৰন আঁচনিয়ে সামৰি লোৱা বুলি জানিব পৰা গৈছে। অহা ৩জুনৰ দিনা দিল্লীত ভাৰত চৰকাৰে দেশৰ ৪২খন গাওঁ পঞ্চায়তৰ লগতে নতুন নপাম গাওঁ পঞ্চায়তকো ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত কৰিব।

হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ


 rajesh pande