দিল্লীৰ মুণ্ডকা-বক্কাৰৱালা টোল প্লাজাত কেন্দ্ৰীয় মন্ত্ৰী গাডকাৰীৰ বাধাহীন ব্যৱস্থা উদ্বোধন; টোল এতিয়া বন্ধ নকৰাকৈ স্বয়ংক্ৰিয়ভাৱে কৰ্তন
নতুন দিল্লী, ১১ মে’ (হি.স.)। কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে আজি দিল্লীৰ ইউ ই আৰ-২ৰ মুণ্ডকা-বক্কৰৱালা টোল প্লাজাত মাল্টি লেন ফ্ৰী ফ্ল’ (এম এল এফ এফ) বাধাহীন টোলিং ব্যৱস্থা উদ্বোধন কৰে। দেশৰ এনে দ্বিতীয়টো টোলিং ব্যৱস্থা। যোৱ
नई दिल्ली में यूईआर-II स्थित मुंडका-बक्करवाला टोल प्लाजा पर मल्टी-लेन फ्री फ्लो (एमएलएफएफ) बैरियर-लेस टोलिंग प्रणाली का उद्घाटन करते केंद्रीय मंत्री नितिन गडकरी। साथ में केंद्रीय राज्य मंत्री हर्ष मल्होत्रा, अजय टम्टा, सांसद कमलजीत सहरावत, योगेंद्र चंदौलिया और एनएचएआई अध्यक्ष संतोष कुमार यादव।


केंद्रीय मंत्री नितिन गडकरी को यूईआर-II स्थित मुंडका-बक्करवाला टोल प्लाजा पर एमएलएफएफ बैरियर-लेस टोलिंग प्रणाली की कार्यप्रणाली की जानकारी देते एनएचएआई के अधिकारी।


নতুন দিল্লী, ১১ মে’ (হি.স.)। কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে আজি দিল্লীৰ ইউ ই আৰ-২ৰ মুণ্ডকা-বক্কৰৱালা টোল প্লাজাত মাল্টি লেন ফ্ৰী ফ্ল’ (এম এল এফ এফ) বাধাহীন টোলিং ব্যৱস্থা উদ্বোধন কৰে। দেশৰ এনে দ্বিতীয়টো টোলিং ব্যৱস্থা। যোৱা ২ মে’ত গুজৰাটৰ ৪৮ নং ৰাষ্ট্ৰীয় ঘাইপথৰ চুৰাট-ভাৰুচ অংশৰ চোৰিয়াছি টোল প্লাজাত পূৰ্বৰ ব্যৱস্থাটো মুকলি কৰা হৈছিল।

এই উপলক্ষে কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ বিভাগৰ ৰাজ্যিক মন্ত্ৰী হৰ্ষ মালহোত্ৰা, কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ বিভাগৰ ৰাজ্যিক মন্ত্ৰী অজয় তামতা, পশ্চিম দিল্লীৰ সাংসদ কমলজীত ছেহৰাৱাট, উত্তৰ পশ্চিম দিল্লীৰ সাংসদ যোগেন্দ্ৰ চান্দৌলিয়া, ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ অধ্যক্ষ সন্তোষ কুমাৰ যাদৱ উপস্থিত থাকে। এনএইচএআইৰ বিষয়াসকলে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক নতুন টোলিং ব্যৱস্থাৰ কাম-কাজৰ বিষয়েও অৱগত কৰে।

এই টোল প্লাজাত আৰু যান-বাহন ৰৈ বা লেহেমীয়া কৰাৰ প্ৰয়োজন নহ’ব। এই ব্যৱস্থাত বাহন চিনাক্ত কৰিবলৈ উচ্চ ৰিজ’লিউচন কেমেৰা, স্বয়ংক্ৰিয় নম্বৰ প্লেট চিনাক্তকৰণ (এএনপিআৰ) প্ৰযুক্তি, ৰেডিঅ’ ফ্ৰিকুৱেন্সি চিনাক্তকৰণ (আৰএফআইডি), ৰাডাৰ, লিডাৰ আৰু ফাষ্টেগ (FASTag)-ভিত্তিক ডিজিটেল নেটৱৰ্ক ব্যৱহাৰ কৰা হয়। টোল প্লাজাৰ মাজেৰে পাৰ হৈ যোৱাৰ লগে লগে এখন বাহনৰ ফাষ্টেগ একাউণ্টৰ পৰা স্বয়ংক্ৰিয়ভাৱে টোল চাৰ্জ কৰ্তন কৰা হ’ব।

এন এইচ এ আইৰ মতে এই ব্যৱস্থা সম্পূৰ্ণৰূপে বাধাহীন হ’ব, যাৰ বাবে কোনো ধৰণৰ ভৌতিক গেট বা হাতৰ হস্তক্ষেপৰ প্ৰয়োজন নহ’ব। স্বাভাৱিক ঘাইপথৰ গতিবেগেৰে যান-বাহন সমূহ ৰৈ নোযোৱাকৈ পাৰ হ’ব পাৰিব টোল প্লাজা। ইয়াৰ ফলত দীঘলীয়া শাৰী আৰু যানজঁট বহু পৰিমাণে হ্ৰাস পাব। বাহনৰ সামঞ্জস্যপূৰ্ণ গতি, ইন্ধন ৰাহি, আৰু বাহনৰ নিৰ্গমন হ্ৰাস পোৱাৰ বাবে যাত্ৰাৰ সময় হ্ৰাস পাব।

বিষয়াসকলে কয় যে এই ব্যৱস্থাটো সম্পূৰ্ণ ডিজিটেল আৰু বাস্তৱ সময়ৰ নিৰীক্ষণৰ ওপৰত ভিত্তি কৰি তৈয়াৰ কৰা হৈছে। ইয়াৰ ফলত টোল সংগ্ৰহ প্ৰক্ৰিয়া অধিক স্বচ্ছ হ’ব আৰু ৰাজহ লিক হোৱাৰ সম্ভাৱনা নাইকিয়া হ’ব। এই ব্যৱস্থাই ট্ৰেফিক গতিবিধি, অডিট ট্ৰেইল, আৰু ডাটা বিশ্লেষণো নিৰীক্ষণ কৰিব।

এনএইচএআইৰ তথ্য অনুসৰি এই ব্যৱস্থাৰ প্ৰথম পৰ্যায়ত ৯খন ৰাজ্যৰ ১৭টা টোল প্লাজা সামৰি লোৱা হৈছে। ইয়াৰে গুজৰাটৰ চোৰিয়াছি টোল প্লাজা ইতিমধ্যে কাৰ্যক্ষম হৈ পৰাৰ বিপৰীতে দিল্লীৰ মুণ্ডকা টোল প্লাজা এতিয়া কাৰ্যক্ষম হৈ উঠিছে। হাৰিয়ানা, ৰাজস্থান, তামিলনাডু, অন্ধ্ৰপ্ৰদেশ, মহাৰাষ্ট্ৰ, কৰ্ণাটক, আৰু অসমৰ কেইবাটাও টোল প্লাজাক ছেপ্টেম্বৰৰ ভিতৰত পৰ্যায়ক্ৰমে এম এল এফ এফ ব্যৱস্থাৰ সৈতে সংযোগ কৰা হ’ব। দ্বিতীয় পৰ্যায়ত ২০২৭ চনৰ মাৰ্চ মাহৰ ভিতৰত ১০৮টাতকৈও অধিক টোল প্লাজা কাৰ্যকৰী কৰাৰ পৰিকল্পনা কৰা হৈছে।

এনএইচএআইয়ে উল্লেখ কৰিছে যে টোল নিদিয়া বাহনৰ ক্ষেত্ৰতো কঠোৰ বলবৎকৰণ ব্যৱস্থা ৰূপায়ণ কৰা হৈছে। যদি কোনো বাহনৰ ফাষ্টেগ ব্লেকলিষ্ট কৰা, বেলেঞ্চ কম, বা অবৈধ বুলি ধৰা পৰে, তেন্তে চিষ্টেমে স্বয়ংক্ৰিয়ভাৱে টোল মাচুলৰ দুগুণ বিনিময়ত ই-জাননী জাৰি কৰিব। বাকী থকা ধন পৰিশোধ নোহোৱালৈকে সংশ্লিষ্ট ফাষ্টেগ স্থগিত ৰখা হ’ব আৰু কোনো ফাষ্টেগ-ভিত্তিক সুবিধাত বৈধ নহ’ব।

এনএইচএআইয়ে উল্লেখ কৰে যে মালিকীস্বত্ব হস্তান্তৰৰ বাবে প্ৰয়োজনীয় এন অ’ চি বাকী থকা টোল বাবদ থকা বাহনৰ বাবে জাৰি কৰা নহ’ব। ফিটনেছ চাৰ্টিফিকেট নবীকৰণ আৰু বাণিজ্যিক বাহনৰ ৰাষ্ট্ৰীয় অনুমতি প্ৰদানৰ বাবেও বাকী থকা টোল পেমেণ্টৰ মৰ্যাদা বাধ্যতামূলক কৰা হৈছে। ইয়াৰ বাবে ১৩ জানুৱাৰী আৰু ১৭ মাৰ্চৰ গেজেট অধিসূচনাৰ অধীনত বিধিগত বিধান কাৰ্যকৰী কৰা হৈছে।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande