
নতুন দিল্লী, ১১ মে’ (হি.স.)। প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে সোমবাৰে ৰাষ্ট্রীয় প্রযুক্তি দিৱস উপলক্ষে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে ১৯৯৮ চনৰ সফল পোখৰণ পাৰমাণৱিক পৰীক্ষণক ভাৰতৰ বৈজ্ঞানিক সামর্থ্য আৰু আত্মবিশ্বাসৰ প্রতীক বুলি অভিহিত কৰে ৷
টুইটাৰত এটা পোষ্টত প্ৰধানমন্ত্ৰী মোদীয়ে ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱসত শুভেচ্ছা জনোৱাৰ সময়ত কয়, আমি গৌৰৱেৰে মনত পেলাইছো আমাৰ বিজ্ঞানীসকলৰ কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠা, যাৰ ফলত ১৯৯৮ চনত পোখৰণ পৰীক্ষা সফল হৈছিল। সেই ঐতিহাসিক মুহূৰ্তটো আছিল ভাৰতৰ বৈজ্ঞানিক উৎকৰ্ষতা আৰু অটল দায়বদ্ধতাৰ প্ৰতীক।
তেওঁ কয় যে প্ৰযুক্তি স্বাৱলম্বী ভাৰত গঢ়াৰ মূল স্তম্ভত পৰিণত হৈছে। ই উদ্ভাৱনক ত্বৰান্বিত কৰি তুলিছে, সুযোগ সম্প্ৰসাৰণ কৰিছে, বিভিন্ন খণ্ডত ৰাষ্ট্ৰৰ উন্নয়নত অৰিহণা যোগাইছে। মোদীয়ে কয় যে চৰকাৰৰ অহৰহ প্ৰচেষ্টা প্ৰতিভাক সবলীকৰণ, গৱেষণাক উৎসাহিত কৰা আৰু ৰাষ্ট্ৰৰ প্ৰগতি আৰু আমাৰ জনসাধাৰণৰ আকাংক্ষাক সমৰ্থন কৰা সমাধান বিকশিত কৰাত কেন্দ্ৰীভূত।
এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে সংস্কৃত শ্লোক এটাও ভাগ কৰিছিল, য’ত ‘অগ্নি’ক স্বৰ্গৰ সৰ্বোচ্চ শক্তি আৰু পৃথিৱীৰ সকলো শক্তিৰ মৌলিক উৎস বুলি বৰ্ণনা কৰা হৈছে। তেওঁ কয় যে এই অগ্নি মৌলটোৱে পদাৰ্থৰ সৰু সৰু কণাবোৰত লুকাই থকা অপৰিসীম শক্তিক জাগ্ৰত কৰি সমগ্ৰ বিশ্বব্ৰহ্মাণ্ডক শক্তি আৰু গতি প্ৰদান কৰে।
তেওঁ পোষ্টটোত লিখিছে, ১৯৯৮ চনৰ আজিৰ দিনটোতে পোখৰণত হোৱা পাৰমাণৱিক পৰীক্ষাই বিশ্ববাসীক ভাৰতৰ বিস্ময়কৰ সম্ভাৱনাৰ সৈতে পৰিচয় কৰাই দিলে। আমাৰ বিজ্ঞানীসকলেই হৈছে ৰাষ্ট্ৰৰ গৌৰৱ আৰু আত্মসন্মানৰ প্ৰকৃত স্থপতি। তেওঁ উল্লেখ কৰে-অগ্নিমুৰ্ধ দিব : ককুটপতি : পৃথ্বী আয়াম। অপম ৰেতানসী জিনৱতী।
हिन्दुस्थान समाचार / অৰৱিন্দ