নগৰবেৰাৰ বিভিন্ন প্ৰান্তত গেলি পচি নষ্ট হৈছে শ শ বিঘা ধানখেতি
নগৰবেৰাৰ বিভিন্ন প্ৰান্তত গেলি পচি নষ্ট হৈছে শ শ বিঘা ধানখেতি।
নগৰবেৰাৰ বিভিন্ন প্ৰান্তত গেলি পচি নষ্ট হৈছে শ শ বিঘা ধানখেতি


বৰপেটা, ১১ মে (হি.স.): নগৰবেৰাৰ বিভিন্ন প্ৰান্তত গেলি পচি নষ্ট হৈছে শ শ বিঘা ধানখেতি । আৱতৰীয়া বানত ডুবি এনেদৰে নষ্ট হৈছে কৃষকৰ সপোনৰ ইৰি আৰু বৰো ধানখেতি । একাংশ কৃষকে জনোৱা মতে, বৰষুণৰ পানীয়ে সৃষ্টি কৃত্ৰিম বানত দেউশিলা নদীৰ বাঢ়নি পানীত ডুব গৈছিল শ শ বিঘা ধানখেতি। প্ৰায় ২০-২৫ দিন এনেদৰে পানীত ডুব গৈ থকাৰ বাবে গেলি পচি গৈছে বিঘাই বিঘা ধানখেতি। অধিকাংশ কৃষকেই কাটিব পৰা নাই ধান। দুই এজনে কাটিলেও সেয়া খোৱাৰ উপযোগী হৈ থকা নাই। পথাৰত দুৰ্গন্ধময় পৰিৱেশৰ সৃষ্টি হৈছে।

নগৰবেৰা ৰাজহ চক্ৰৰ অন্তৰ্গত জামলাই, বিদ্যানগৰ, নাইটৰ, কল্যাণপুৰ, পলাহৰটাৰী, খামেৰী, পিজুপাৰা, সৰুডোৱা আদি অঞ্চলৰ প্ৰায় পাঁচ হাজাৰ বিঘা মাটিৰ ধানখেতি এইদৰে গেলি পচি নষ্ট হৈছে। আৱতৰীয়া কৃত্ৰিম বানত শ শ বিঘা ধানখেতি নষ্ট হোৱাত মূৰে কঁপালে হাত দিছে কৃষকসকলে। বেংকৰ পৰা ঋণ লৈ খেতি কৰা কৃষকসকলে সম্প্ৰতি দুঃচিন্তাত ভূগিছে। ইফালে নগৰবেৰাৰ বিভিন্ন প্ৰান্তত ইৰি আৰু বৰো ধানখেতিৰ ব্যাপক ক্ষতিসাধন হোৱাৰ পাছতো ক্ষতিগ্ৰস্ত কৃষকৰ কাষত থিয় দিয়া নাই কৃষি বিভাগৰ লোক । শীঘ্ৰে ক্ষতিগ্ৰস্ত খেতি পথাৰৰ মূল্যায়ন কৰি ক্ষতিপূৰণ আদায় দিবলৈ জিলা কৃষি বিষয়াক দাবী জনাইছে ভূক্তভোগী কৃষকসকলে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande