
ডিব্ৰুগড়, ১১ মে (হি.স.)। অসমৰ অন্যতম ভূমিপুত্ৰ সোনোৱাল কছাৰী সকলৰ এক পৌৰাণিক আৰু ধৰ্মীয় অনুষ্ঠান হৈছে বহুৱা নৃত্য । সোনোৱাল কছাৰী সমাজৰ পৰা অপায়-অমংগল নাশ কৰি সকলোৰে কুশল কামনাৰে অঞ্চলবিশেষে এই বহুৱা নৃত্য আয়োজন কৰা হয়। মৰাণৰ খোৱাং নাহৰণি সোনোৱাল গাঁৱত প্ৰতি দুটা বছৰৰ মূৰত এনেদৰে ব্যাপক উৎসাহ-উদ্দীপনাৰে বহুৱা নৃত্য অনুষ্ঠানৰ আয়োজন কৰা হয়।
এইবাৰো নাহৰণি হাইস্কুল খেলপথাৰত আয়োজিত এই অনুষ্ঠানক লৈ সমগ্ৰ অঞ্চলটোত উখল-মাখল পৰিবেশ বিৰাজ কৰে । গায়ন-বায়ন, বিহুৰ মাজত পৰম্পৰা অনুসৰি কলপাতেৰে প্ৰস্তুত কৰা পোচাক পিন্ধি কৰা এই বিশেষ বহুৱা নৃত্য উপভোগ কৰিবলৈ বিভিন্ন প্ৰান্তৰ পৰা শ শ লোকৰ সমাবেশ ঘটে । জনশ্ৰুতি অনুসৰি দক্ষ ৰজাৰ যজ্ঞস্থলীত মহাদেৱ শিৱক কৰা অপমান আৰু পাৰ্বতীৰ দেহত্যাগৰ আলমত অতীজৰে পৰা সোনোৱাল কছাৰী সকলে ৰীতি-নীতিৰ মাজেৰে এই বহুৱা নৃত্য অনুষ্ঠান অনুষ্ঠিত কৰি আহিছে ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা