ৰঙিয়াত নিৰুদ্দেশৰ ঘটনা
কামৰূপ, ১১ মে (হি.স.)। আজিলৈ সন্ধান নাই ৰঙিয়া কেকেনীকুছিৰ দিন হাজিৰা কৰি খোৱা ডিম্বেশ্বৰ দাসৰ। যোৱা ৬ মেৰ পৰা নিৰুদ্দেশ হৈ আছে ব্যাক্তি জন। চকুৰে বৰ্তমান বাট নেদেখা হৈছে ডিম্বেশ্বৰৰ পৰিয়ালৰটোৱে। একমাত্ৰ উপাৰ্জনকাৰী পুত্ৰ তথা স্বামীক বিচাৰি এতিয়া
ৰঙিয়াত নিৰুদ্দেশৰ ঘটনা


কামৰূপ, ১১ মে (হি.স.)। আজিলৈ সন্ধান নাই ৰঙিয়া কেকেনীকুছিৰ দিন হাজিৰা কৰি খোৱা ডিম্বেশ্বৰ দাসৰ। যোৱা ৬ মেৰ পৰা নিৰুদ্দেশ হৈ আছে ব্যাক্তি জন। চকুৰে বৰ্তমান বাট নেদেখা হৈছে ডিম্বেশ্বৰৰ পৰিয়ালৰটোৱে। একমাত্ৰ উপাৰ্জনকাৰী পুত্ৰ তথা স্বামীক বিচাৰি এতিয়া দিনে নিশা একাকাৰ কৰিছে দূৰ্ভগীয়া মাতৃ তথা পত্নীয়ে।

ইতিমধ্যে পৰিয়ালৰ লোকে বহু বিচাৰ খোচাৰ কৰিছে যদিও বৰ্তমানলৈকে কোনো ধৰণৰ সন্ধান লাভ কৰা নাই নিৰুদ্দিষ্ট ডিম্বেশ্বৰৰ। শেষত পৰিয়ালটোৰ একমাত্ৰ ভৰসা এতিয়া সংবাদ মাধ্যম তথা আৰক্ষী প্ৰশাসন। ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে ৰঙিয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে যদিও আজিলৈ কোনো ধৰণৰ শুংসূত্ৰ উলিয়াব পৰা নাই ৰঙিয়া আৰক্ষীয়ে। বৰ্তমান দিশহাৰা হৈ পৰিছে ভুক্তভোগী পৰিয়ালটো। গতিকে কোনো সদাশয় ব্যাক্তিয়ে যদি নিৰুদ্দিষ্ট পুত্ৰ তথা স্বামীৰ সন্ধান লাভ কৰে তেন্তে ৮৪৭৩০৫৪৮৬১ নম্বৰত যোগাযোগ কৰিবলৈ কাতৰ আহ্বান জনাইছে দুৰ্ভগীয়া পৰিয়ালটোৱে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande