
কাৰ্বি আংলং, ১১মে (হি.স.)। কাৰ্বি আংলং জিলাৰ শান্তিপুৰৰ খাকৰাজান দূৰ্গা মন্দিৰত দেওবাৰে সামূহিক বিবাহ সম্পন্ন হয় ৷ ১১৬ যোৰা দৰা-কইনা আৰু পৰিয়ালৰ উপস্থিতিত দূৰ্গা মন্দিৰৰ খেল পথাৰৰ বিয়াৰ মণ্ডপ উদুলি মুদুলি হৈ পৰে ৷ আয়তীৰ উৰুলি আৰু জাত জাত বিয়ানামে পৰিবেশটো আনন্দময় কৰি তুলে ৷ পুৰোহিতৰ মন্ত্ৰাচৰণ ; হোমৰ জুইক সাক্ষী কৰি দৰাই আজি ৰাজহুৱা ভাৱে কন্যাৰ শিৰত সেন্দূৰ দি , মঙ্গলসূত্ৰ পিন্ধাই নিজৰ কৰি লয় ৷ পুৱা দৰা-কইনা সকলে কলহ লৈ এক যাত্ৰা কৰে ৷ এই যাত্ৰাৰ পিছতে সমূহীয়া বিবাহ মণ্ডপত গুজৰাটৰ পৰা অহা পুৰোহিতে মন্ত্ৰোচ্চাৰণ কৰি সকলোকে যুগ্মজীৱন সুখী হোৱাৰ কামনা কৰে ৷
তাৰ পিছতে আৰম্ভ হয় সমূহীয়া হোম যজ্ঞ ৷ হোমৰ জুইক সাক্ষী কৰি সকলোৱে পুৰোহিতৰ লগেলগে মন্ত্ৰোচ্চাৰণ কৰি বিবাহৰ সকলো কাম সমাপ্ত কৰে ৷ ইয়াৰ পিছতে আৰম্ভ হয় দৰা-কইনাক উপহাৰ দিয়া পৰ্ব ৷ বিবাহ অভ্যৰ্থনা সমিতিৰ সভাপতি জীৱন চন্দ্ৰ পাঠক ; সম্পাদক ডা° দীপজ্যোতি শ্যাম ; বিদ্যানাথ হেমৰম ; বুববুলি শ্যাম ; দীপ্তি দে ; সৰুপথাৰ আৰু বৰপথাৰৰ মৰোৱাৰী মহিলা সমাজে দৰা-কইনা সকলক বিয়াৰ উপহাৰ প্ৰদান কৰে ৷ লগতে সমান্তৰালভাৱে চলি থাকে ৰাজহুৱা ভোজন পৰ্ব ৷
উত্তৰ পূৰ্বাঞ্চল লোক কল্যাণ সমিতি ; জয়পুৰৰ কল্যাণ সংস্হাৰ সহযোগত অভ্যৰ্থনা সমিতিয়ে এই সমূহীয়া বিয়াৰ আয়োজন কৰিছিল ৷ বোকাজানৰ বিভিন্ন চাহ বাগিছা আৰু আন কিছু অভাৱগ্ৰস্ত ডেকা-গাভৰুৱে এই সামূহীক বিবাহৰ জড়িয়তে ৰাজহুৱাভাৱে জীৱন সংগীক আদৰি লয় ৷
দেওপানী পৰিষদীয় সমষ্টিৰ জনপ্ৰতিনিধি স্বৱন তেলেংগাই নিজৰ সমষ্টিৰ অভাৱগ্ৰস্ত দৰা-কইনা সকলক এইদৰে বিয়া পতি দিয়াত সন্তোষ প্ৰকাশ কৰি সকলোকে ধন্যবাদ জনায় ৷ আয়োজক সমিতিৰ সম্পাদক ডা° দীপজ্যোতি শ্যামে কয় যে আমি আজি বৰ সুখী যে ১১৬ খন সংসাৰ পাতি দিব পাৰিছো ৷ সকলো বৈদিক নীতি-নিয়মৰ মাজেৰে তেওঁলোকে আজিৰ পৰা এখনকৈ নতুন সংসাৰ কৰিব ৷ এই সমূহীয়া বিয়াক লৈ বোকাজানত ৰাইজৰো সহাৰি আছিল অভূতপূৰ্ব ৷
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা