মানকাচৰৰ হাজিৰহাটত কোটি টকীয়া পথ সম্পূৰ্ণ হোৱাৰ পূৰ্বে জহি–খহি যোৱাচ ৰাইজৰ তীব্ৰ প্ৰতিক্ৰিয়া
দক্ষিণ শালমাৰা–মানকাচৰ, ১১ মে’ (হি.স.)। দক্ষিণ শালমাৰা–মানকাচৰ জিলাৰ মানকাচৰ লোক নিৰ্মাণ বিভাগৰ অধীনস্থ হাজিৰহাট–টেংনামাৰী সংযোগী নতুনকৈ নিৰ্মাণ কৰা কোটি টকীয়া পথখন সম্পূৰ্ণ হোৱাৰ আগতেই ভয়ংকৰভাৱে জহি–খহি যোৱা আৰম্ভ হৈছে। নিৰ্মাণ কাম চলি থকা সময়তে প
মানকাচৰৰ হাজিৰহাটত কোটি টকীয়া পথ সম্পূৰ্ণ হোৱাৰ পূৰ্বে জহি–খহি যোৱাচ ৰাইজৰ তীব্ৰ প্ৰতিক্ৰিয়া


দক্ষিণ শালমাৰা–মানকাচৰ, ১১ মে’ (হি.স.)। দক্ষিণ শালমাৰা–মানকাচৰ জিলাৰ মানকাচৰ লোক নিৰ্মাণ বিভাগৰ অধীনস্থ হাজিৰহাট–টেংনামাৰী সংযোগী নতুনকৈ নিৰ্মাণ কৰা কোটি টকীয়া পথখন সম্পূৰ্ণ হোৱাৰ আগতেই ভয়ংকৰভাৱে জহি–খহি যোৱা আৰম্ভ হৈছে। নিৰ্মাণ কাম চলি থকা সময়তে পথখনৰ একাধিক অংশত বিশাল গাত সৃষ্টি হোৱাত স্থানীয় ৰাইজৰ মাজত চৰম ক্ষোভৰ সৃষ্টি হৈছে ।

উল্লেখ্য যে, মুখ্যমন্ত্ৰীর উন্নত পকীপথ নিৰ্মাণ আঁচনিৰ ২০২৪–২৫ বিত্তীয় বৰ্ষত প্ৰায় ৫ কোটি টকা ব্যয় কৰি টেংনামাৰী–খোপাতী বজাৰ–হাজিৰহাট সংযোগী মুঠ ২ কিমি ২৫০ মিটাৰ দৈৰ্ঘ্যৰ পথখন নিৰ্মাণাধীন অৱস্থাতেই বৰ্তমানে তথৈবচ অৱস্থা হৈছে।

অভিযোগ অনুসৰি, ফয়জাল নামৰ এগৰাকী ঠিকাদাৰে উক্ত কামৰ ঠিকাৰ দায়িত্ব লাভ কৰিছিল। কিন্তু কিছুমান দালাল–চক্ৰৰ সহায়ত নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰি নিম্নমানৰ কাম কৰাৰ ফলতে কোটি টকা ব্যয় হোৱা পথখন অতি অল্প সময়তেই জহি–খহি গৈছে। কোটি টকীয়া পথখনৰ ঠায়েঠায়ে সৃষ্টি হোৱা বৃহৎ বৃহৎ গাতবোৰ এতিয়া যেন মৰণফান্দ সমান বিপজ্জনক হৈ পৰিছে ।

এতিয়া পৰ্যন্ত এনে পৰিস্থিতিৰ পিছতো মানকাচৰ লোক নিৰ্মাণ বিভাগ আৰু জিলা প্ৰশাসনৰ সন্দেহজনক ভুমিকাকলৈ স্থানীয় ৰাইজে ক্ষোভ ব্য়ক্ত কৰে ।

পথটি অতিশীঘ্ৰে সঠিকভাৱে মেৰামতি নকৰিলে আহি থকা বাৰিষাকালত সম্পূৰ্ণৰূপে পথ উঠি যোৱাৰ আশংকা নিশ্চিত বুলি ৰাইজে দাবী কৰে। গতিকে শীঘ্ৰে পথখনৰ প্ৰযুক্তিগত পৰীক্ষা–নিৰীক্ষা, তদন্ত আৰু সঠিকভাৱে পুনঃমেৰামতি কৰাৰ বাবে বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছে স্থানীয় ৰাইজে।

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande