মধ্যপ্ৰদেশৰ কুনো ৰাষ্ট্ৰীয় উদ্যানত মোহন যাদৱে মুকলি কৰিলে দুটা মাইকী চিতা, মুঠ সংখ্যা ৫৭লৈ বৃদ্ধি
–ৰাজ্যখনে চিতাক অনুকূল পৰিৱেশৰ ব্যৱস্থা কৰি পৰিয়ালৰ অংগ কৰি তুলিছেঃ মুখ্যমন্ত্রী ড০ যাদৱ ভূপাল, ১১ মে’ (হি.স.)। মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী ড০ মোহন যাদৱে সোমবাৰে শ্বেওপুৰ জিলাৰ কুনো ৰাষ্ট্ৰীয় উদ্যানৰ মুকলি অৰণ্যত দুটা মাইকী চিতা এৰি দিয়ে। তেওঁ উল্
मध्य प्रदेश के कूनो नेशनल पार्क में मुख्यमंत्री डॉ. मोहन यादव ने छोड़े दो मादा चीता


–ৰাজ্যখনে চিতাক অনুকূল পৰিৱেশৰ ব্যৱস্থা কৰি পৰিয়ালৰ অংগ কৰি তুলিছেঃ মুখ্যমন্ত্রী ড০ যাদৱ

ভূপাল, ১১ মে’ (হি.স.)। মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী ড০ মোহন যাদৱে সোমবাৰে শ্বেওপুৰ জিলাৰ কুনো ৰাষ্ট্ৰীয় উদ্যানৰ মুকলি অৰণ্যত দুটা মাইকী চিতা এৰি দিয়ে। তেওঁ উল্লেখ কৰে যে মধ্যপ্ৰদেশ চিতা ৰাজ্য হিচাপে দ্ৰুতগতিত বিকশিত হৈছে আৰু দেশৰ চিতা পুনৰুদ্ধাৰ প্ৰকল্পই নতুন সফলতা লাভ কৰিছে ।

মুখ্যমন্ত্রী ড০ যাদৱে কয় যে মধ্য প্রদেশৰ ভূমিয়ে চিতাক অনুকূল পৰিৱেশ প্রদান কৰি পুনৰ সংস্থাপন কৰি পৰিয়ালৰ অংগ কৰি তুলিছে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে প্রায় সাড়ে তিনিবছৰ পূর্বে কুনোত চিতা প্রকল্প আৰম্ভ কৰিছিল৷ আজি এই চিতা পুনৰুদ্ধাৰ প্ৰকল্পটো দেশত সফলতাৰে অধিক উচ্চতাৰ দিশে দ্ৰুতগতিত আগবাঢ়িছে। এই গুৰুত্বপূৰ্ণ প্ৰচেষ্টাত মধ্যপ্ৰদেশে নতুন মাইলৰ খুঁটি অৰ্জন কৰিছে।

মুখ্যমন্ত্ৰী ড০ যাদৱে কুনো নদীৰ পাৰত অৱস্থিত চিতা মুকলি কৰা স্থানত মুকলি অৰণ্যত মুকলি কৰি দিয়ে চিচিভি-২ আৰু চিচিভি-৩ চিতা। তেওঁ উল্লেখ কৰে যে মধ্যপ্ৰদেশ ধৰ্ম, বিনিয়োগ, আৰু জৈৱ বৈচিত্ৰ্যৰ এক প্ৰধান কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰিছে। নাইজেৰিয়া, দক্ষিণ আফ্ৰিকা আৰু এতিয়া বটছৱানাৰ পৰা অনা চিতা পুনৰ প্ৰৱৰ্তন ধাৰাবাহিকভাৱে সফল হৈছে আৰু আজি এই ৰাজ্যখনে দেশজুৰি চিতা ৰাষ্ট্ৰ হিচাপে স্বীকৃতি লাভ কৰিছে। বৰ্তমান চিতাৰ সংখ্যা ৫৭টালৈ বৃদ্ধি পাইছে, ইয়াৰে ৫৪টা কুনো ৰাষ্ট্ৰীয় উদ্যানত আৰু ৩টা গান্ধীসাগৰ অভয়াৰণ্যত।

এই উপলক্ষে উপস্থিত থাকে নৱ আৰু নবীকৰণযোগ্য শক্তি মন্ত্ৰী ৰাকেশ শুক্লা, মধ্যপ্ৰদেশ বন উন্নয়ন নিগমৰ অধ্যক্ষ ৰামনিৱাস ৰাৱট, সহৰিয়া উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ গুড্ডি বাই আদিবাসী, শশাংক ভূষণ, ৰাঘবেন্দ্ৰ জাট, সুমিত সিংঘল, শুভাম মুদগাল, বাবু সিং যাদৱ, কৌশল গোয়েল,কে ধৰি অন্যান্য জনপ্ৰতিনিধিসকল। পিচিচিএফ সমিতি ৰাজোৰা, ডিআইজি সঞ্জয় কুমাৰ জৈন, কালেক্টৰ শীলা দহিমা, আৰক্ষী অধীক্ষক সুধীৰ কুমাৰ আগৰৱাল, ডিএফঅ’ কুনো আৰ থিৰুক্কুৰাল, জেনেৰেল কে এছ ৰান্ধা, চিইঅ’ জিলা পঞ্চায়ত সৌম্য আনন্দ, এডিএম ৰূপেশ উপাধ্যায়, অতিৰিক্ত এছপি প্ৰবীণ ভুৰিয়াকে ধৰি অন্যান্য বিষয়াসকল উপস্থিত থাকে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande