

কামৰূপ, ১১ মে’ (হি.স.)। কামৰূপ জিলাৰ ক্ষেত্ৰী আৰক্ষী থানাত কৃতি শিক্ষাৰ্থীক সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰা হয়। ক্ষেত্ৰী আৰক্ষী থানা আৰু নাগৰিক সমিতিয়ে যৌথভাৱে দেওবাৰে আয়োজন কৰা এই সম্বৰ্ধনা অনুষ্ঠানত ক্ষেত্ৰী থানা এলেকাৰ অন্তৰ্গত তিনি পৰীক্ষা কেন্দ্ৰৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ ২৫ গৰাকী শিক্ষাৰ্থীক জনোৱা হয় সম্বৰ্ধনা ।
একোখনকৈ প্ৰশস্তি পত্ৰ আৰু গামোচাৰে জনোৱা এই বিশেষ সম্বৰ্ধনা অনুষ্ঠানত ক্ষেত্ৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ লগতে নাগৰিক সমিতিৰ বিষয়ববীয়া আৰু ভালেসংখ্যক অভিভাৱক উপস্থিত থাকে ।
কৃতি শিক্ষাৰ্থীসকলক শৈক্ষিক ক্ষেত্ৰত উৎসাহিত কৰাৰ উদ্দেশ্যে এই সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা বুলি জানিবলৈ দিয়ে উদ্যোক্তাসকলে ।
---------------
হিন্দুস্থান সমাচাৰ / Narayan Kar