
নগাঁও, ১১ মে (হি.স.)। কঠিয়াতলী জুমৰমুৰ গাওঁ পঞ্চায়তে লাভ কৰিলে দীনদয়াল উপাধ্যায় পঞ্চায়ত সৱলীকৰন পুৰস্কাৰ ২০২৫।
বঢ়মপুৰ সমষ্টিৰ কঠিয়াতলী উন্নয়ন খণ্ডৰ অন্তৰ্গত জুমুৰমুৰ গাঁও পঞ্চায়তৰ বাবে এক গৌৰৱৰ দিন । ভাৰত চৰকাৰৰ পঞ্চায়তী ৰাজ মন্ত্ৰালয়ৰ দ্বাৰা প্ৰদান কৰা সন্মানীয়— দীনদয়াল উপাধ্যায় পঞ্চায়ত সৱলীকৰন পুৰস্কাৰ ২০২৫ লাভ কৰি অত্যন্ত আনন্দিত আৰু গৌৰৱান্বিত সকলো । পঞ্চায়তৰ সভাপতি ৱাৰ্ড সদস্য/সদস্যা সকলৰ লগতে ৰাইজৰ অংশগ্ৰহণে এই সফলতাৰ শিখৰত সহায় কৰিলে ।
নগাঁও জিলা প্ৰশাসন, কাৰ্যবাহী বিষয়া, উন্নয়ন খণ্ড আৰু অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন তথা এছআইপিআৰডি-এ দিয়া পৰামৰ্শ আৰু সহায়ৰ অবিহনে এইটো সম্ভৱ নহ’লহেঁতেন । গতিকে সকলোকে ধন্য়বাদ জ্ঞাপন কৰে পঞ্চায়ত কতৃপক্ষই । শেষত এই বিজয়ৰ কৃতিত্ব ত ভাৰত চৰকাৰ ,অসম চৰকাৰ ,বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীক পঞ্চায়ত প্ৰতিনিধি আৰু পঞ্চায়ত সভাপতি আৰু ৱাৰ্ড সদস্য আৰু সদস্যা সকলে ধন্যবাদ জ্ঞাপন কৰে ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা