কলিয়াবৰত সংঘটিত পথ দূৰ্ঘটনাত এজন নিহত
নগাঁও, ১১ মে (হি.স.)। কলিয়াবৰৰ হাতীগাঁৱত ৰাষ্ট্ৰীয় ঘাইপথত শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয়। ইন''ভা আৰু বাইকৰ মাজত মুখামুখি সংঘৰ্ষৰ সৃষ্টি হয়। থিতাতে নিহত বাইক আৰোহীজন। দুৰ্ঘটনাগ্ৰস্ত ইন''ভা খনৰ নম্বৰ এএছ ০৩এম ৬৯৭৭ আৰু ৰয়েল এনফিল্ড বাইক খনৰ নম্বৰ এএছ
কলিয়াবৰত সংঘটিত পথ দূৰ্ঘটনাত এজন নিহত


নগাঁও, ১১ মে (হি.স.)। কলিয়াবৰৰ হাতীগাঁৱত ৰাষ্ট্ৰীয় ঘাইপথত শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয়। ইন'ভা আৰু বাইকৰ মাজত মুখামুখি সংঘৰ্ষৰ সৃষ্টি হয়। থিতাতে নিহত বাইক আৰোহীজন। দুৰ্ঘটনাগ্ৰস্ত ইন'ভা খনৰ নম্বৰ এএছ ০৩এম ৬৯৭৭ আৰু ৰয়েল এনফিল্ড বাইক খনৰ নম্বৰ এএছ ০৯ এম ৩৩৫৯। ইন'ভা বাহন খনত অন্য এখন ট্ৰাকে খুন্দিওৱাৰ ফলত ইন'ভা আৰু বাইক খনৰ সংঘৰ্ষ হয় বুলি জানিবলৈ দিয়ে প্ৰত্যক্ষদৰ্শীয়ে।

দুৰ্ঘটনাটোত থিতাতে নিহত বাইক খনৰ আৰোহী। নিহত আৰোহী যুৱকজনৰ পৰিচয় বৰ্তমানলৈকে উদ্ধাৰ হোৱা নাই যদিও যুৱক জনক কাৰ্বি আংলঙৰ বুলি জানিব পৰা গৈছে। উল্লেখ্য যে, কলিয়াবৰ তিনিআলিৰ সমীপৰ হাতীগাঁও অঞ্চলটোত ৰাষ্ট্ৰীয় ঘাইপথচোৱা দুমুখীয়া কৰি ৰখাৰ বাবেই সঘনাই দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ কৰিছে স্থানীয় ৰাইজে। নিহত জনক কাৰ্বি আংলঙৰ খেৰনিৰ মনভিক ইংতি বুলি চিনাক্ত কৰা হৈছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande