তামিলনাডুৰ নৱনিৰ্বাচিত মুখ্যমন্ত্ৰী চি জে বিজয়ক অভিনন্দন মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাৰ
শ্ৰীনগৰ, ১১ মে’ (হি.স.)। জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই সোমবাৰে নৱনিৰ্বাচিত তামিলনাডুৰ মুখ্যমন্ত্ৰী তথা তামিলনাডু ভেট্ৰি কাঝাগামৰ মুৰব্বী চি জে বিজয় (থালাপথী বিজয়)ক মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ বাবে অভিনন্দন জনায়। সাংবাদিকৰ সৈ
মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লা


শ্ৰীনগৰ, ১১ মে’ (হি.স.)। জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই সোমবাৰে নৱনিৰ্বাচিত তামিলনাডুৰ মুখ্যমন্ত্ৰী তথা তামিলনাডু ভেট্ৰি কাঝাগামৰ মুৰব্বী চি জে বিজয় (থালাপথী বিজয়)ক মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ বাবে অভিনন্দন জনায়।

সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত ওমৰে কয় যে শপত গ্ৰহণ অনুষ্ঠানত পলম হ’ব নালাগিছিল। তিনি-চাৰি দিন লাগিল, কেইবাবাৰো লোকভৱনলৈ যাব লগা হ’ল। শেষত তেওঁ সংখ্যাগৰিষ্ঠতা লাভ কৰে।

তেওঁ কয় যে উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্ত অনুসৰি ৰাজ্যপালৰ সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিবলৈ সৰ্ববৃহৎ দল বা সৰ্ববৃহৎ নিৰ্বাচনৰ পূৰ্বে মিত্ৰজোঁটক আমন্ত্ৰণ জনোৱা উচিত আছিল। অৱশ্যে পলমকৈ হ’লেও হৈছে। তেওঁ কয় যে বিজয়ক সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিবলৈ কিছুদিনৰ সময় দিয়া হৈছে। আমি আশা কৰিছো তেওঁ প্ৰমাণ কৰিব।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande