জামুগুৰিহাটত সংঘটিত আক্ৰমণত এজন নিহত,আহত এজন
শোণিতপুৰ, ১১ মে (হি.স.)। জামুগুৰিহাটৰ নিকটৱৰ্তী ৰামপুৰ হাটিঙা নামৰ অঞ্চলটোত অনুষ্ঠিত বিহু অনুষ্ঠানত নিশা এক গুৰুতৰ অঘটন সংঘটিত হয়৷ কিবা বিষয়ত কাজিয়াৰ সুত্ৰপাত ঘটি এজনে খুকুৰীৰে আক্ৰমণ কৰি হত্যা কৰে আন এজন যুৱকক৷ আক্ৰমণত গুৰুতৰ ভাৱে আহত আন এগৰাকী যু
জামুগুৰিহাটত সংঘটিত আক্ৰমণত এজন নিহত,আহত এজন


শোণিতপুৰ, ১১ মে (হি.স.)। জামুগুৰিহাটৰ নিকটৱৰ্তী ৰামপুৰ হাটিঙা নামৰ অঞ্চলটোত অনুষ্ঠিত বিহু অনুষ্ঠানত নিশা এক গুৰুতৰ অঘটন সংঘটিত হয়৷ কিবা বিষয়ত কাজিয়াৰ সুত্ৰপাত ঘটি এজনে খুকুৰীৰে আক্ৰমণ কৰি হত্যা কৰে আন এজন যুৱকক৷ আক্ৰমণত গুৰুতৰ ভাৱে আহত আন এগৰাকী যুৱক ৷ আক্ৰমণটোৰ ফলত নিহত ৰঙাচকুৱাৰ লীলা বৰুৱা আৰু আহত ৰাকেশ শৰ্মা ৷

গুৰুতৰভাৱে আহত ৰাকেশ শৰ্মাক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ ৷ আক্ৰমণকাৰী ইটাখোলা কেৰাণীপামৰ জয়কান্ত বৰ্মণক বিহু কমিটিয়ে আটক কৰি চমজি দিয়ে আৰক্ষীক ৷ কি কাৰণত চাঞ্চল্যকৰ ঘটনাতো সংঘটিত হ’ল সেয়া জানিব পৰা হোৱা নাই ৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ৷

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande