জামুগুৰিহাটৰ হাটিঙাৰ ৰামপুৰ বিহুমেলাত নৃশংস হত্যাকাণ্ড
শোণিতপুৰ, ১১ মে (হি.স.)। জামুগুৰিহাটৰ হাটিঙাৰ ৰামপুৰ বিহুমেলাত নৃশংস হত্যাকাণ্ড ৷ লীলা বৰুৱাৰ হত্যাকাণ্ডকলৈ জামুগুৰি আৰক্ষী থানা ঘেৰাও কেইবা শতাধিক ৰাইজৰ ৷ খুকুৰিৰে হানিখুচি নৃশংসভাবে হত্যা এজনক ৷ মত্যুৰে যুজিছে আহত ৰাকেশ শৰ্মাই জামুগুৰিহ
জামুগুৰিহাটৰ হাটিঙাৰ ৰামপুৰ বিহুমেলাত নৃশংস হত্যাকাণ্ড


শোণিতপুৰ, ১১ মে (হি.স.)। জামুগুৰিহাটৰ হাটিঙাৰ ৰামপুৰ বিহুমেলাত নৃশংস হত্যাকাণ্ড ৷

লীলা বৰুৱাৰ হত্যাকাণ্ডকলৈ জামুগুৰি আৰক্ষী থানা ঘেৰাও কেইবা শতাধিক ৰাইজৰ ৷

খুকুৰিৰে হানিখুচি নৃশংসভাবে হত্যা এজনক ৷

মত্যুৰে যুজিছে আহত ৰাকেশ শৰ্মাই জামুগুৰিহাটৰ হাটিঙা ৰামপুৰৰ এখন বিহুমেলাত কালি নিশা ৰঙাচকুৱাৰ এজন যুৱকক খুকুৰিৰে হানি-খুছি নৃশংসভাবে হত্যা কৰা আৰু আন এজন যুৱকক গুৰুতৰভাৱে আহত কৰাৰ অন্তত আজি পূৱা ৰঙাচকুৱাৰ কেইবা শতাধিক ৰাইজে জামুগুৰি আৰক্ষী থানা ঘেৰাও কৰি উত্তাল পৰিৱেশ সৃষ্টি কৰে ৷ হত্যাকাৰীক ফাচি দিয়ক,হত্যাৰ বিচাৰ লাগে আদি বিভিন্ন শ্লোগান দি তথা হত্যাকাৰী জয়কান্ত বৰ্মনৰ বিৰুদ্ধে ৰঙাচকুৱা ৰাইজে এখন ৰাজহুৱা এজাহাৰো দাখিল কৰে জামুগুৰি আৰক্ষী বিষয়াক ৷ উল্লেখ্য যে দেওবাৰে নিশা হাটিঙা ৰামপুৰত অনুষ্ঠিত এখন বিহুমেলাত বিশিষ্ট অতিথি ৰূপে আমন্ত্ৰিত হোৱা লীলা বৰুৱাক কিবা কথাত তৰ্ক-বিতৰ্ক কৰি এখন খুকুৰিৰে হানিখুচি নৃশংসভাৱে হত্যা কৰাৰ লগতে ৰাকেশ শৰ্মা নামৰ এজন যুৱকক গুৰুতৰ ভাৱে আহত কৰে ৷ ইতিমধ্যে শংকতজনক অৱস্থাত ৰাকেশ শৰ্মাক গুৱাহাটীৰ জি এন আৰ চিত ভৰ্তি কৰে যদিও মৃত্যুৰে সৈতে যুজি থকা বিষয়ে জানিব পৰা গৈছে ৷ ইতিমধ্য এই সমগ্ৰ ঘটনাৰ আৰক্ষীয়ে তদন্ত কৰি থকা বিষয়ে জানিব পৰা গৈছে ৷

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande