
মৰিগাঁও, ১১ মে (হি.স.)। জাগীৰোডৰ পলাহগুৰিত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ নিয়ন্ত্ৰণ হেৰুৱাই ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা দ’ খাৱৈত বাগৰি পৰে এখন তীব্ৰবেগী থাৰ বাহন ৷ পথৰ কাষত থকা প্ৰকাণ্ড গছ মহতিয়াই বাহনখন সোমাই পৰে দ’ খাৱৈত ৷ অৱশ্যে কথমপি ৰক্ষা পৰে বাহনখনত থকা দুই আৰোহী ৷
গুৱাহাটীৰ পৰা নগাঁও অভিমুখী আছিল এএছ ০১এফ জি ৫৩৮৮ নম্বৰৰ থাৰ বাহনখন ৷ ঘটনাস্থলীত নেলী আৰু জাগীৰোড আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে বাহনখন ৷
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু