
কাৰ্বি আংলং, ১১ মে’ (হি.স.): কাৰ্বি আংলঙৰ লংনিট শিলনী বনভোজ থলীত এক অঘটন সংঘটিত হৈছে । লংনিটত সলিল সমাধি ঘটে এজন যুৱকৰ । যুৱকজন বকলীয়াঘাটৰ ৰতীশ বৰা (১৯) বুলি পৰিচয় পোৱা গৈছে ।
উল্লেখ্য় যে যুৱকজনৰ পিতৃ জীতেন বৰা আৰক্ষী বাহিনীৰ এগৰাকী উপ-পৰিদৰ্শক । সলিল সমাধি ঘটা ৰতীশ বৰা হোজাই ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ত বি ফাৰ্ম (B FARM) পাঠ্যক্ৰমত অধ্যয়ন কৰি আছিল। দেওবাৰ বিয়লি বলীয়াঘাটৰ পৰা ৬ জনীয়া দলৰ সৈতে বনভোজ খাবলৈ শিলনীলৈ আহিছিল ৰিতীশ। বনভোজ থলীত উপস্থিত হৈয়ে বিপজ্জনক ঠাই (Danger Zone)ৰ পানীত নামিছিল ৰিতীশ। ইফালে ঘটনাৰ পিছতে আৰক্ষী আৰু এছডিআৰএফয়ে উদ্ধাৰ অভিযান চলাইছে যদিও বৰ্তমানলৈকে সফল হোৱা নাই । শিলনী বনভোজ থলীৰ বিপদজনক স্থানত বিশেষ সতৰ্কতা অৱলম্বন নকৰা বাবেই এনে ঘটনা সঘনাই সংঘটিত হৈ অহাৰ অভিযোগ কৰিছে বিভিন্নজনে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ