
হোজাই, ১১ মে (হি.স.)। লামডিঙৰ গৌৰব কঢ়িয়াই আনিলে শ্বেলী ফিটনেচ জিমৰ যুৱক-যুৱতীয়ে।
হোজাই জিলাৰ অন্তৰ্গত ৰেল চহৰ লামডিঙৰ বাবে গৌৰৱ কঢ়িয়াই আনিলে ৮ গৰাকী যুৱক - যুৱতীয়ে ৷ তৃতীয় অসম ৰাজ্যিক আৰ্ম ৰেষ্টিলিং চেম্পিয়নচিপত ২০২৬-২৭ বৰ্ষত সোণৰ পদক কঢ়িয়াই আনিলে লামডিং শ্বেলী জিমৰ বিশাল মৈত্ৰ ৬০ (কেজি) ছিনিয়ৰ গোল্ড, পায়েল ভৌমিক জুনিয়ৰ মিছ অসম চেম্পিয়ন, প্ৰিতী দে ৫৫ (কেজি) য়ুথ ফাৰ্ষ্ট , ৰিকন সুৰ ৬৫ (কেজি) প্ৰথম।
লগতে আৰু পাঁচ জন যুবক- যুৱতীয়ে ৰাজ্যিক ভিক্তিত জয় লাভ কৰি ৰাষ্ট্ৰীয় পৰ্যায়ত অংশ লবলৈ সুযোগ লাভ কৰিছে ৷ দেশৰ গুজৰাটৰ আগোন্তুক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আৰ্ম ৰেষ্টলিঙলত অংশ গ্ৰহণৰ বাবে সুযোগ অৰ্জন কৰিছে লামডিঙৰ এইসকল যুৱক যুৱতীয়ে।ৰাষ্ট্ৰীয় পৰ্যায়ত স্থান লাভ কৰা খেলুৱৈ সকলে কয় যে তেওঁলোকৰ বৰ্তমান আৰ্থিক সাহাৰ্য্যৰ প্ৰয়োজন।ৰাজ্য চৰকাৰ তথা স্থানীয় বিধায়ক শিবু মিশ্ৰৰ পৰা আৰ্থিক সাহাৰ্য্য বিচাৰিছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা