
মানকাচৰ, ১১ মে’ (হি.স.): ধুবুৰী জিলাৰ ফকিৰগঞ্জ অঞ্চলটোত ধাৰাবাহিক ভাবে গৰাখহনীয়া অব্যাহত আছে । সমান্তৰালকৈ ফকিৰগঞ্জৰ ধাপান পাৰাত যোৱা এবছৰৰ ভিতৰত প্ৰায় তিনি সহস্ৰাধিক পৰিয়ালৰ ঘৰ বাৰি নদীৰ বুকুত জাহ গৈ ভূমিহীন হৈ পৰে যদিও যোৱা কেইবাদিন ধৰি চলা ভয়ংকৰ তাণ্ডৱে ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়াই যেন কালৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে ৷
যোৱা এমাহৰ ভিতৰত অঞ্চলটোৰ শতাধিক পৰিয়ালৰ ঘৰ দুৱাৰৰ লগতে ধাপানপাৰা বজাৰখনৰ তিনি শতাধিক দোকান পোহৰ নদীৰ বুকুত জাহ যোৱাত অঞ্চলটোত হাহাকাৰৰ সৃষ্টি হৈছে । কেইদিনমান আগতে মছজিদটোৰ একাংশ নদীৰ বুকুত জাহ গৈছিল যদিও পকীঘৰ হোৱা হেতুকে সম্পূৰ্ণ নদীৰ বুকুত জাহ যোৱা নাছিল । কালি পুনৰ মছজিদটোৰ বাকী অংশ নদীৰ বুকুত জাহ যোৱাৰ লগতে কেইবা দিন ধৰি প্ৰৱল পানীৰ সোঁতত মছজিদখনৰ পকীঘৰৰ তলৰ মাটি খহাই নিয়াত মছজিদটোৰ অৱশিষ্ট অংশখিনি নদীৰ বুকুত সম্পূৰ্ণ ভাবে জাহ যায় । মাথোন নদীৰ প্ৰৱল সোঁতত মছজিদৰ মিনাৰটো প্ৰত্যক্ষ কৰা যায়। নৈপৰিয়া ৰাইজে গৰাখহনীয়া প্ৰতিৰোধৰ বাবে চৰকাৰৰ দৃষ্টিগোচৰ কৰাৰ দাবী জনায় ৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ