
চিৰাঙ, ১১মে (হি.স.)। চিৰাঙত জিএচটি বিভাগৰ অভিযানত এখন গুটখা ভৰ্তি কণ্টেইনাৰ গাড়ী জব্দ । বঙাইগাঁও জিলাৰ জিএচটি বিভাগৰ অভিযান চলাই চিৰাং জিলাৰ চামগুৰিত ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা নিশা এখন গুটখা ভৰ্তি কণ্টেইনাৰ জব্দ কৰে। জব্দ হোৱা কন্টেইনাৰ খনৰ নম্বৰ হৈছে আৰজে ৩২ জিডি ৩৮৯৪।
জিএচটি কৰ ফাঁকি দিয়াৰ অভিযোগত গাড়ী খন জব্দ কৰা হৈছে বুলি জিএছটি বিভাগৰ অভিযানকাৰী দলৰ এগৰাকী বিষয়াই সংবাদ মাধ্য়মক জানিব দিয়ে। কন্টেইনাৰ খন দিল্লীৰ পৰা ডিমাপুৰ অভিমুখে গৈ থকা অৱস্থাত চাপাগুৰিৰ পৰা জব্দ কৰে বুলি চালকজনে মন্তব্য কৰে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু