
নগাঁও, ১১ মে (হি.স.)। ৰূপহীহাটৰ আমবাগানত আৰক্ষীৰ জুৱা খেলৰ বিৰুদ্ধে অভিযান। আমবাগানত অভিযান চলাই আটক কৰে চাৰি গৰাকীকৈ কুখ্যাত জুৱাৰীক। জুৱাৰীৰ দলটোৰ পৰা নগদ ৯০৩০ টকাৰ লগতে তাচ-পাত আৰু মোবাইল ফোন জব্দ কৰে আৰক্ষীয়ে।
আটকাধীন জুৱাৰী কেইজন ক্ৰমে ,পূব শোৱালনিৰ প্ৰদীপ দাস, উত্তৰ ভোমৰাগুৰিৰ দুলাল দাস, ২নং ভাতিয়াখালী আবু শ্বাহিদ আৰু দক্ষিণ ফুটাকলং আশ্ৰফ আলী বুলি জানিব পৰা যায়।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা