নাহৰকটীয়াত কৃতী ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা ঘীনাই গাওঁ পঞ্চায়তৰ
ডিব্ৰুগড়, ১১ মে (হি.স.)। সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰী সকলক আজি সম্বৰ্ধনা জনাই নাহৰকটীয়া সমষ্টিৰ অন্তৰ্গত ঘীনাই গাওঁ পঞ্চায়তে। ঘীনাই গাওঁ পঞ্চায়তৰ সভাপতি বিশা
নাহৰকটীয়াত কৃতী ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা ঘীনাই গাওঁ পঞ্চায়তৰ


ডিব্ৰুগড়, ১১ মে (হি.স.)। সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰী সকলক আজি সম্বৰ্ধনা জনাই নাহৰকটীয়া সমষ্টিৰ অন্তৰ্গত ঘীনাই গাওঁ পঞ্চায়তে।

ঘীনাই গাওঁ পঞ্চায়তৰ সভাপতি বিশাল মাহালীৰ নেতৃত্বত অনুষ্ঠিত হোৱা সম্বৰ্ধনা অনুস্থানত সভাপতি কৰে নামৰূপ মিলনপুৰ জাতীয় বিদ্যালয়ৰ অধ্যক্ষ মাইকেল ৰজে।অঞ্চলটোৰ প্ৰায় সত্তৰ জনৰো অধিক ছাত্ৰ-ছাত্ৰীক একোখনকৈ মানপত্ৰ আৰু অসমীয়াৰ স্বাভীমান গামোচাৰে অভিনন্দন জনায়। অঞ্চলটোত চাহ জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰী সকলৰ উত্থানক ভূয়সী প্ৰশংসা কৰে সচেতন মহলে। চাহ জনগোষ্ঠীৰ লোকসকলৰ বাবে শৈক্ষিক, সাংস্কৃতিক, ক্ৰীড়াৰ লগতে জনগোষ্ঠীটোৰ সামগ্ৰিক উন্নয়ন আৰু বিকাশৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা আঁচনি সমুহৰ জৰিয়তে অধিক লাভাম্বিত হোৱাৰ কথা প্ৰকাশ কৰে ঘীনাই গাওঁ পঞ্চায়তৰ সভাপতি বিশাল মাহালীয়ে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande