বোকাখাতত নিৰ্মিয়মান পকী বেৰ ভাঙি পৰি নিহত ৮ বছৰীয়া শিশু
গোলাঘাট, ১১ মে (হি.স.)। বোকাখাতৰ মিলনপুৰত অঘটন । নিৰ্মিয়মান পকী বেৰ ভাঙি পৰি নিহত ৮ বছৰীয়া শিশু । বোকাখাত মিলনপুৰৰ নিবাসী সত্যজিৎ ৰয় আৰু প্ৰাণজিৎ ভূঞা নামৰ দুঘৰৰ মাজত থকা বিসংগতিপূৰ্ণ পকী বেৰ খহি পৰে শিশুটোৰ শৰীৰৰ ওপৰত । গুৰুতৰভাৱে আহত কেশৱ বিশ্বকৰ
বোকাখাতত নিৰ্মিয়মান পকী বেৰ ভাঙি পৰি নিহত ৮ বছৰীয়া শিশু


গোলাঘাট, ১১ মে (হি.স.)। বোকাখাতৰ মিলনপুৰত অঘটন । নিৰ্মিয়মান পকী বেৰ ভাঙি পৰি নিহত ৮ বছৰীয়া শিশু । বোকাখাত মিলনপুৰৰ নিবাসী সত্যজিৎ ৰয় আৰু প্ৰাণজিৎ ভূঞা নামৰ দুঘৰৰ মাজত থকা বিসংগতিপূৰ্ণ পকী বেৰ খহি পৰে শিশুটোৰ শৰীৰৰ ওপৰত । গুৰুতৰভাৱে আহত কেশৱ বিশ্বকৰ্মা নামৰ শিশুটোক বোকাখাতত প্ৰাথমিক চিকিৎসাৰ পিছত যোৰহাট চিকিৎসালয়লৈ নিয়াৰ পথতে মৃত্যু ঘটে ।

দেওবাৰে আবেলি সংঘটিত এই ঘটনাৰ পিছত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে স্থানীয় গোৰ্খা ছাত্ৰ সন্থাকে ধৰি বিভিন্ন ব্যক্তি-স্থানীয় ৰাইজৰ ৷ ইতিমধ্যে বোকাখাত আৰক্ষী থানাত পৰিয়ালৰ লোকে ন্যায় বিচাৰি এজাহাৰ দাখিল কৰিছে ৷

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande