লখিমপুৰ জিলাৰ সোৱণশিৰিৰ ভীমপৰাত বাওঁফালত ভয়ংকৰ খহনীয়া
লখিমপুৰ জিলাৰ সোৱণশিৰিৰ ভীমপৰাত বাওঁফালত ভয়ংকৰ খহনীয়া।
লখিমপুৰ জিলাৰ সোৱণশিৰিৰ ভীমপৰাত বাওঁফালত ভয়ংকৰ খহনীয়া


লক্ষিমপুৰ, ১১ মে’ (হি.স.): লক্ষিমপুৰ জিলাৰ সোৱণশিৰিৰ ভীমপৰাত বাওঁফালত ভয়ংকৰ খহনীয়াৰ সৃষ্টি হৈছে । ইফালে খহনীয়া সত্ত্বেও এইক্ষেত্ৰত লখিমপুৰ জিলা প্ৰশাসনৰ তৎপৰতা দেখিবলৈ পোৱা হোৱা নাই ।

আনহাতে সোঁৱনশিৰিৰ গৰাখহনীয়াৰ ফলত এনএইচপিৰ খহনীয়া প্ৰতিৰোধ ব্য়ৱস্থাও ক্ষতিগ্ৰস্ত হৈছে । উল্লেখ্য় যে এনএইচপিৰ ফালৰ পৰা ১৮০ কোটি গৰাহ খহনীয়া প্ৰতিৰোধৰ বাবে দূবছৰ আগতে আবন্টন হৈছিল । পিছে খহনীয়াই সকলো মষিমূৰ কৰি পেলোৱাত গঞা ৰাইজৰ খেতি পথাৰ ভয়ংকৰ ৰূপত সোৱণশিৰি নদীত জাহ গৈছৈ । খহনীয়াৰ দৃশ্যই সচেতন লোকসকলক উদ্বিগ্ন কৰি তুলিছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande