
কাৰ্বিআংলং, ১১মে (হি.স.)। দুদিন ধৰি অব্যাহত থকা উদ্ধাৰ অভিযানৰ অন্তত উদ্ধাৰ হ'ল কাৰ্বি আংলঙৰ বকলীয়াটৰ ছাত্ৰ ৰিতীশ বৰা (১৯)ৰ মৃতদেহ।
দেওবাৰে, বকলীয়াটৰ পৰা শিলনীৰ বনভোজ স্থলীলৈ আহি দ পানীত পৰি নিখোজ হৈছিল ৰিতীশ। আজি হোজাই জিলাৰ পৰা অহা এছডিআৰএফ বাহিনীৰ সহযোগত বিয়লি উদ্ধাৰ কৰা হয় ৰিতীশৰ মৃতদেহ।
দেওবাৰে বলীয়াঘাটৰ পৰা ৬ জনীয়া দলৰ সৈতে বনভোজ খাবলৈ শিলনীলৈ আহিছিল ৰিতীশ। বনভোজ স্থলীৰ বিপদজ্জনক ক্ষেত্ৰত গা ধুবলৈ গৈ নিখোজ হৈছিল ছাত্ৰ ৰিতীশ। এই দুৰ্ভাগ্যজনক ঘটনাৰ পিছতে উদ্ধাৰ অভিযান আৰম্ভ হৈছিল যদিও সোমবাৰে বিয়লিহে ৰিতীশৰ মৃতদেহ উদ্ধাৰ হয় ঘটনাস্থলীৰ পৰা কিছু নিলগত।
প্ৰতি বছৰে শিলনী বনভোজ স্থলীৰ বিপদজ্জনক ক্ষেত্ৰত ত ২-৩ জনকৈ লোকৰ মৃত্যু হৈ আহিছে যদিও বন বিভাগ কিম্বা পৰ্যটন বিভাগে সতৰ্কতা অৱলম্বন কৰা দেখা নাই। কেৱল মাত্ৰ এটা শিলত বিপদজ্জনক বুলি লিখিয়ে দায়িত্ব সামৰা দেখা গৈছে সংশ্লিষ্ট বিভাগ সমূহক। আজি কাৰ্বি আংলঙৰ জিলা আয়ুক্ত আৰণ্যক শইকীয়াই ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান তদাৰক কৰা দেখা যায়।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু