ইতিহাসৰ পৃষ্ঠাত ১২ মে’: যেতিয়া চীনত এক ভয়াৱহ ভূমিকম্পই কাঢ়ি নিছিল হাজাৰ হাজাৰ লোকৰ প্ৰাণ
দেশ আৰু বিদেশৰ উভয়ৰে ইতিহাসত ১২ মে’ৰ দিনটো বহু উল্লেখযোগ্য ঘটনাৰ বাবে লিপিবদ্ধ হৈ আছে যদিও ২০০৮ চনৰ আজিৰ দিনটোতে চীনত হোৱা ভয়াৱহ ভূমিকম্পক আধুনিক ইতিহাসৰ অন্যতম বিধ্বংসী প্ৰাকৃতিক দুৰ্যোগ বুলি গণ্য কৰা হয়। কেইছেকেণ্ডমানৰ ভিতৰতে এই প্ৰবল ভূমিকম্
चीन में 2008 में युवा रहे लोगों के जेहन में तब के भूकंप की भयावह यादें आज भी ताजा हैं। फोटो -  इंटरनेट मीडिया


দেশ আৰু বিদেশৰ উভয়ৰে ইতিহাসত ১২ মে’ৰ দিনটো বহু উল্লেখযোগ্য ঘটনাৰ বাবে লিপিবদ্ধ হৈ আছে যদিও ২০০৮ চনৰ আজিৰ দিনটোতে চীনত হোৱা ভয়াৱহ ভূমিকম্পক আধুনিক ইতিহাসৰ অন্যতম বিধ্বংসী প্ৰাকৃতিক দুৰ্যোগ বুলি গণ্য কৰা হয়। কেইছেকেণ্ডমানৰ ভিতৰতে এই প্ৰবল ভূমিকম্পই লাখ লাখ লোকৰ জীৱন সলনি কৰি পেলালে।

২০০৮ চনৰ ১২ মে’ত চীনৰ ছিচুয়ান প্ৰদেশত এক বৃহৎ ভূমিকম্পই ব্যাপক ধ্বংসলীলাৰ সৃষ্টি কৰিছিল। ইয়াৰ মাত্ৰা ৰিখটাৰ স্কেলত প্ৰায় ৭.৯ জুখিছিল। এই ভূমিকম্পত প্ৰায় ৮৭ হাজাৰ লোকৰ মৃত্যু হোৱাৰ বিপৰীতে হাজাৰ হাজাৰ লোক নিৰুদ্দেশ হৈছিল। ইয়াৰ উপৰিও প্ৰায় ৪ লাখ লোক আহত হোৱাৰ লগতে লাখ লাখ লোক গৃহহীন হৈ পৰে।

ভূমিকম্পৰ প্ৰভাৱ ইমানেই ব্যাপক আছিল যে বহু চহৰ আৰু গাঁও সম্পূৰ্ণৰূপে ধ্বংস হৈছিল। হাজাৰ হাজাৰ অট্টালিকা, বিদ্যালয়, চিকিৎসালয়, পথ নিমিষতে ধ্বংসাৱশেষলৈ পৰিণত হ’ল। উদ্ধাৰকাৰী দলসমূহে দুৰ্গম অঞ্চলত উপনীত হোৱাত অপৰিসীম অসুবিধাৰ সন্মুখীন হৈছিল। বহু ঠাইত ধ্বংসাৱশেষৰ তলত মানুহে হেৰুৱাইছিল আপোনজনক।

এই প্ৰাকৃতিক দুৰ্যোগৰ পিছতে চীন চৰকাৰে এক বৃহৎ সাহায্য আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰে। সেনা, চিকিৎসা দল, হাজাৰ হাজাৰ স্বেচ্ছাসেৱকক ক্ষতিগ্ৰস্ত অঞ্চললৈ প্ৰেৰণ কৰা হয়। বিশ্বৰ বহু দেশ আৰু আন্তঃৰাষ্ট্ৰীয় সংস্থাই চীনক সাহায্য সামগ্ৰী আৰু আৰ্থিক সাহায্যও আগবঢ়াইছিল।

বিশেষজ্ঞসকলৰ মতে এই ভূমিকম্পক ইতিহাসৰ অন্যতম বিধ্বংসী ভূমিকম্প বুলি গণ্য কৰা হয়। অৰ্থনৈতিক ক্ষতিৰ পৰা উদ্ধাৰ হ’বলৈ চীনক বহু বছৰ সময় লাগিছিল। এই শোকাৱহ ঘটনাই বিশ্বক সোঁৱৰাই দিলে যে প্ৰাকৃতিক দুৰ্যোগৰ সন্মুখত মানৱ জীৱন কিমান দুৰ্বল হ’ব পাৰে। আজিও ১২ মেই চীনলৈ কঢ়িয়াই আনে আৱেগিক স্মৃতি এই ভয়াবহ দুৰ্যোগত প্ৰাণ হেৰুওৱা হাজাৰ হাজাৰ লোকৰ স্মৃতিত।

গুৰুত্বপূৰ্ণ পৰিঘটনা

১৪৫৯ - ৰাও জোধাই যোধপুৰ প্ৰতিষ্ঠা কৰে।

১৬৬৬ - আজিৰ দিনটোতে পুৰন্দৰ সন্ধিৰ অধীনত ছাত্ৰপতি শিৱাজী মহাৰাজে ঔৰংজেবক সাক্ষাৎ কৰিবলৈ আগ্ৰাত উপস্থিত হয়।

১৭৮৪ - পেৰিছ সন্ধি কাৰ্যকৰী হয়।

১৮৪৭ - উইলিয়াম ক্লেটনে অডোমিটাৰ আৱিষ্কাৰ কৰে।

১৯১৫ - বিপ্লৱী ৰাসবিহাৰী বসুৱে জাপানী জাহাজ ছানুকি মাৰুত উঠি ভাৰত এৰি গুচি যায়।

১৯৬৫ - ইজৰাইল আৰু পশ্চিম জাৰ্মানীয়ে কূটনৈতিক সম্পৰ্ক স্থাপনৰ বাবে চিঠিৰ আদান-প্ৰদান কৰে।

১৯৯৯ - ৰাছিয়াৰ উপ-প্ৰধানমন্ত্ৰী চাৰ্গেই ষ্টেপনিছক ভাৰপ্ৰাপ্ত প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি দিয়া হয় আৰু আমেৰিকাৰ কোষাগাৰ সচিব ৰবাৰ্ট ৰুবিনে পদত্যাগ কৰে।

২০০২ - ইজিপ্ত, ছিৰিয়া আৰু চৌদি আৰবে পশ্চিম এছিয়াত শান্তি চুক্তিৰ ইচ্ছা প্ৰকাশ কৰে।

২০০২ - আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জিমি কাৰ্টাৰ ফিডেল কাষ্ট্ৰোৰ সৈতে আলোচনা কৰিবলৈ পাঁচ দিনীয়া ভ্ৰমণৰ বাবে কিউবাত উপস্থিত হয়। ১৯৫৯ চনত কাষ্ট্ৰোৰ বিপ্লৱৰ পিছত কিউবা ভ্ৰমণ কৰা প্ৰথমজন আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে পৰিগণিত হয় কাৰ্টাৰ।

২০০৭ - পাকিস্তানৰ কৰাচীত হিংসাত্মক ঘটনা সংঘটিত হয়।

২০০৮ - ন্যায়াধীশ পুনৰ নিযুক্তিৰ বিষয়ত সহমত নোহোৱাৰ বাবে প্ৰাক্তন প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফে মিত্ৰজোঁটৰ চৰকাৰৰ পৰা আঁতৰি যোৱাৰ সিদ্ধান্ত লয়।

২০০৮ - আজিৰ দিনটোতে চীনত হোৱা এক বৃহৎ ভূমিকম্পত হাজাৰ হাজাৰ লোকৰ মৃত্যু হয়।

২০১০ - বিহাৰৰ কুখ্যাত বাথানি টোলা হত্যাকাণ্ডৰ গোচৰত ভোজপুৰৰ প্ৰথম অতিৰিক্ত জিলা আৰু অধিবেশন ন্যায়াধীশ অজয় কুমাৰ শ্ৰীবাস্তৱে তিনি অভিযুক্তক মৃত্যুদণ্ড আৰু ২০ জনক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে।

২০১০ - লিবিয়াৰ ট্ৰিপলি আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ ওচৰত আফ্ৰিকিয়া এয়াৰৱেজৰ এখন বিমান দুৰ্ঘটনাগ্ৰস্ত হয় আৰু বিমানখনত থকা ১০৪ জন লোকৰ ভিতৰত ১০৩ জন লোকৰ মৃত্যু হয়।

২০১৫ - নেপালত হোৱা ভূমিকম্পৰ ফলত ২১৮ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৩৫০০ৰো অধিক লোক আহত হয়।

জন্ম

১৮২০ - ফ্লৰেন্স নাইটিংগেল - আধুনিক নাৰ্চিং আন্দোলনৰ প্ৰতিষ্ঠাপক, এগৰাকী নাৰ্ছ আছিল।

১৮৭৫ - কৃষ্ণচন্দ্ৰ ভট্টাচাৰ্য - হিন্দু দৰ্শন অধ্যয়ন কৰা এজন প্ৰখ্যাত দাৰ্শনিক।

১৮৯৫ - আজিৰ দিনটোতে জে কৃষ্ণমূৰ্তি আছিল এজন দাৰ্শনিক আৰু আধ্যাত্মিক বিষয়ত অতি দক্ষ আৰু পৰিপক্ক সাহিত্যিক।

১৯১৭ চনত সীতা দেৱী (মহাৰাণী) - বৰোদাৰ ৰাণী।

১৯৩৩ - নন্দু নাটেকাৰ - আন্তঃৰাষ্ট্ৰীয় খিতাপ দখল কৰা প্ৰথম ভাৰতীয় বেডমিণ্টন খেলুৱৈ।

১৯৪৪ - ঘনশ্যাম নায়ক - ভাৰতীয় চলচ্চিত্ৰ আৰু টেলিভিছন অভিনেতা।

১৯৪৫ - কে জি বালকৃষ্ণন - ভাৰতৰ ৩৭ সংখ্যক মুখ্য ন্যায়াধীশ।

১৯৫৪ - কে পালানিস্বামী - ৰাজনীতিবিদ আৰু তামিলনাডুৰ ত্ৰয়োদশ মুখ্যমন্ত্ৰী।

১৯৮০ - ঋষি সুনক - ভাৰতীয় মূলৰ ব্ৰিটিছ ৰাজনীতিবিদ।

১৯৮২ - মাৰ্গণি ভৰত - অন্ধ্ৰপ্ৰদেশৰ ৰাজহমুন্দ্ৰী লোকসভা সমষ্টিৰ পৰা ১৭ নং লোকসভাৰ সংসদ সদস্য।

১৯৮৯ - শিখা পাণ্ডে - ভাৰতীয় মহিলা ক্ৰিকেটাৰ।

২০০২ - সৌৰভ চৌধুৰী - ভাৰতীয় শ্বুটাৰ।

মৃত্যু

১৯৮৪ - ধনঞ্জয় কীৰ - বাবা চাহেব ড° ভীমৰাও আম্বেদকাৰৰ জীৱনী ৰচনা কৰা সাহিত্যিক।

১৯৮৪ - অলকনন্দ (নৃত্যশিল্পী) - ভাৰতীয় কথক নৃত্যশিল্পী।

১৯৯৩ - শ্বামশ্বেৰ বাহাদুৰ সিং, হিন্দী কবি।

২০১৫ - সুচিত্ৰ ভট্টাচাৰ্য - বিখ্যাত বাংলা ঔপন্যাসিক।

গুৰুত্বপূৰ্ণ অনুষ্ঠান

- আন্তর্জাতিক নাৰ্ছ দিৱস (আধুনিক নাৰ্চিংৰ প্ৰতিষ্ঠাপক ফ্লৰেন্স নাইটিংগেলৰ জন্মদিন)।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande