
ধুবুৰী, ১১ মে (হি.স.)। কোৰবানী ঈদক কেন্দ্ৰ কৰি বাংলাদেশত ভাৰতীয় প্ৰকাণ্ড গৰুৰ চাহিদা বৃদ্ধি পোৱাৰ সুযোগ গ্ৰহণ কৰি এক অসাধু চক্ৰই সীমান্তৱৰ্তী অঞ্চলসমূহেৰে অব্যাহত ৰাখিছে অবৈধ গো সৰবৰাহ। আৰক্ষী আৰু সীমান্ত সুৰক্ষা বাহিনীৰ কড়া নজৰদাৰীৰ পিছতো বিভিন্ন কৌশল অৱলম্বন কৰি এই চক্ৰসমূহে গৰু বাংলাদেশলৈ সৰবৰাহ কৰাৰ চেষ্টা চলাই আছে।
এই পৰিপ্ৰেক্ষিতত আজি পুৱতি নিশাৰ ভাগত গোপন সূত্ৰৰ ভিত্তিত গোলকগঞ্জ থানাৰ অন্তৰ্গত ছাগলীয়া আৰক্ষী নিৰীক্ষণ চকীৰ ভাৰপ্ৰাপ্ত বিষয়া নৱজিত লাহনৰ নেতৃত্বত আৰক্ষীৰ এটি দলে ইউ পি ৮৩ টি ৭৪৭৫ নম্বৰৰ এখন আমূল কন্টেনাৰ ট্ৰাক সন্দেহবশতঃ আটক কৰি তালাচী চলায়।তালাচীৰ সময়ত আৰক্ষীয়ে ট্ৰাকখনৰ ভিতৰৰ পৰা ১৭ টাকৈ প্ৰকাণ্ড ষাঁড় গৰু উদ্ধাৰ কৰিবলৈ সক্ষম হয়।ইফালে ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে ট্ৰাকখনৰ চালক মহম্মদ ইউনুচ আৰু হেণ্ডিমেন মহম্মদ ফৰমানক আটক কৰিছে।আটকাধীন দুয়োৰে ঘৰ উত্তৰ প্ৰদেশত বুলি আৰক্ষী সূত্ৰে জানিবলৈ দিয়ে।
ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। আৰক্ষীয়ে ইতিমধ্যে গো সৰবৰাহ চক্ৰটোৰ সৈতে জড়িত আন লোকসকলৰ সন্ধানত তদন্ত অব্যাহত ৰাখিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ