বোকাখাতৰ টিপুজানত লোমহৰ্ষক হত্যাকাণ্ড
গোলাঘাট, ১১ মে (হি.স.)। বোকাখাতৰ টিপুজানত এক লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হৈছে। শিলিগুৰিৰ দিলীপ সৰকাৰ নামৰ এজনক ডিঙি চেপি হত্যা । উজ্জ্বল খেৰিয়া নামৰ এটা ড্ৰাইভাৰে ৰুমৰ ভিতৰতে হত্যা কৰে দিলীপ সৰকাৰক । টিপুজানত নিৰ্মিয়মান এটা কণী উৎপাদন কেন্দ্ৰৰ চৌ
বোকাখাতৰ টিপুজানত লোমহৰ্ষক হত্যাকাণ্ড


গোলাঘাট, ১১ মে (হি.স.)। বোকাখাতৰ টিপুজানত এক লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হৈছে।

শিলিগুৰিৰ দিলীপ সৰকাৰ নামৰ এজনক ডিঙি চেপি হত্যা ।

উজ্জ্বল খেৰিয়া নামৰ এটা ড্ৰাইভাৰে ৰুমৰ ভিতৰতে হত্যা কৰে দিলীপ সৰকাৰক । টিপুজানত নিৰ্মিয়মান এটা কণী উৎপাদন কেন্দ্ৰৰ চৌহদত নিশা সংঘটিত হয় এই হত্যাকাণ্ড । আজি হত্যাকাৰী উজ্জ্বল খেৰিয়াই আত্মসমৰ্পন কৰে বোকাখাত থানাত ।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি সোধপোছ অব্যাহত ৰাখিছে ।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande