
গোলাঘাট, ১১ মে (হি.স.)। বোকাখাতৰ মিলনপুৰত অঘটন । নিৰ্মিয়মান পকী দেৱাল ভাঙি পৰি নিহত ৮ বছৰীয়া শিশু ।
মিলনপুৰৰ নিবাসী সত্যজিৎ ৰয় আৰু প্ৰাণজিৎ ভূঞা নামৰ দুঘৰৰ মাজত থকা বিসংগতিপূৰ্ণ পকী দেৱাল খহি পৰে শিশুটিৰ গাত ।
গুৰুতৰভাবে আহত কেশৱ বিশ্বকৰ্মা নামৰ শিশুটিক চিকিৎসালয়লৈ নিয়াৰ পথত মৃত্যু ঘটে ।
কালি নিশা সংঘটিত এই ঘটনাৰ পিছত তীব্ৰ প্ৰতিক্ৰিয়া গোৰ্খা ছাত্ৰ সন্থাকে ধৰি বিভিন্ন ব্যক্তি-সংগঠনৰ ।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু