
কোকৰাঝাৰ, ১১ মে (হি.স.)। কোকৰাঝাৰ জিলাৰ গোসাইগাঁৱত আজি দিনজোৰা কাৰ্য্যসূচীৰে কোচ ৰাজবংশী জনগোষ্ঠীৰ জাতীয় উৎসৱ উদযাপন কৰা হয় । স্থানীয় কমল নাথ ক্লাৱ কাম লাইব্ৰেৰী প্ৰাঙ্গণত আক্ৰাছুৰ পশ্চিম কোকৰাঝাৰ জিলা সমিতিৰ উদ্যোগত আৰু গোসাইগাঁও আঞ্চলিক সমিতিৰ সহযোগত অনুষ্ঠিত অনুষ্ঠানৰ আদিতে পতাকা উত্তোলন কৰাৰ অন্তত স্মৃতি তৰ্পণ,বীৰ চিলাৰায়ৰ প্ৰতিকৃতি আৰু প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিকৃতিত শ্ৰদ্ধাঞ্জলি জনোৱা হয় ।
ইয়াৰ পাচতে গছপুলি ৰোপন কৰা হয় । কাৰ্য্যসূচীত উপস্থিত আক্ৰাছুৰ কেন্দ্ৰীয় সম্পাদক সুনাধৰ ৰায়ে সকলোকে বিষুবাৰ শুভেচ্ছা জ্ঞাপন কৰে ৷ আনহাতে সাংবাদিকৰ সৈতে সাক্ষাৎকাৰত কেন্দ্ৰীয় সম্পাদক গৰাকীয়ে কয় যে ৰাজ্যৰ বিগত চৰকাৰৰ পৰা কোচ ৰাজবংশী জনগোষ্ঠীয়ে যি ধৰনৰ গুৰুত্ব বা মৰম পাব লাগিছিল সেয়া পোৱা নাই। গতিকে এইবেলি নতুন চৰকাৰে কোচ ৰাজবংশী জনগোষ্ঠীৰ সকলো সমস্যা সমাধান কৰিব বুলি তেও আশা কৰে ৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ