
তিনিচুকিয়া, ১১মে (হি.স.)। ব'হাগৰ ৰঙেৰে ৰঙীন লিডু তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হ’ল 'ব'হাগী উৎসৱ ২০২৬'। লিডুৰ আকাশ-বতাহত এতিয়া কেৱল ঢোল-পেঁপাৰ শব্দ আৰু ব'হাগৰ আনন্দ। লিডু ব'হাগী উৎসৱ উদযাপন সমিতিৰ উদ্যোগত আজিৰে পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে 'ব'হাগী উৎসৱ ২০২৬'।
পুৱা উদযাপন সমিতিৰ সভাপতি ৰানাজ্যোতি নেওগে পতাকা উত্তোলনেৰে উৎসৱৰ শুভাৰম্ভ কৰে। বিশিষ্ট সাহিত্যিক তথা জ্যেষ্ঠ সাংবাদিক জগত চাংমাইয়ে স্মৃতি তৰ্পণ কাৰ্যসূচী মুকলি কৰি প্ৰয়াত গুণী ব্যক্তি সকলক শ্ৰদ্ধা নিবেদন কৰে। অসমৰ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ প্ৰতি উৎসৰ্গিত বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো মুকলি কৰে লিডু শাখা সাহিত্য সভাৰ সভাপতি তথা বিশিষ্ট কবি-সাহিত্যিক ডঃ ৰঞ্জিত দত্তই।
আজিৰ অনুষ্ঠানত অঞ্চলটোৰ বয়োজ্যেষ্ঠ ভকত-বৈষ্ণৱ আৰু আই-মাতৃ সকলক সমিতিৰ তৰফৰ পৰা জনোৱা হয় বিশেষ বিহুৰ ওলোগ তথা সন্মান।
ইয়াৰ পাছতে স্থানীয় হুঁচৰি দলৰ পদূলি শুৱনি প্ৰদৰ্শনেৰে আনুষ্ঠানিকভাৱে মঞ্চ মুকলি কৰা হয়। সন্ধিয়ালৈ জুবিন সন্ধ্যা শীৰ্ষক এক সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হব যত অঞ্চলটোৰ বহু সংখ্যক স্থানীয় শিল্পীয়ে জুবিন গাৰ্গৰ গীত পৰিবেশন কৰিব।
উৎসৱৰ সৈতে সংগতি ৰাখি কাইলৈৰ পৰা বিভিন্ন সাহিত্য আৰু সাংস্কৃতিক প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। উৎসৱৰ অন্তিম দিনা অৰ্থাৎ ১৩ মে’ৰ নিশা জনপ্ৰিয় কণ্ঠশিল্পী মৌমিতাৰ গীতেৰে মুখৰিত হ’ব লিডুৰ আকাশ-বতাহ। বৰ্তমান লিডুৰ ৰাইজৰ মাজত এক উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে। ক’বলৈ গ’লে, কুলিৰ মাত আৰু বিহুৰ আমেজেৰে লিডুত এতিয়া উৎসৱৰ উছাহ তুংগত।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু