মোবাইল গেমত অত্য়াধিক আসক্তিৰ বাবে কালিগঞ্জত এগৰাকী অটো চালকৰ আত্মহত্য়া
শ্ৰীভূমি, ১১মে (হি.স.)। মোবাইল গেমত আশক্তি কাল হ''ল কালিগঞ্জ এলেকাৰ এগৰাকী অটো চালকৰ । মোবাইল গেমৰ বাবে আত্মঘাতী হ''ল ২২ বছৰৰ মনচুৰ আহমদ । যুৱক গৰাকী পেশাত অটো চালক হ''লেও মোবাইল গেমৰ প্ৰতি আছিল প্ৰৱল আশক্তি । সকলো সময়তে কেৱল গেম খেলি থ
মোবাইল গেমত অত্য়াধিক আসক্তিৰ বাবে কালিগঞ্জত এগৰাকী অটো চালকৰ আত্মহত্য়া


শ্ৰীভূমি, ১১মে (হি.স.)। মোবাইল গেমত আশক্তি কাল হ'ল কালিগঞ্জ এলেকাৰ এগৰাকী অটো চালকৰ । মোবাইল গেমৰ বাবে আত্মঘাতী হ'ল ২২ বছৰৰ মনচুৰ আহমদ ।

যুৱক গৰাকী পেশাত অটো চালক হ'লেও মোবাইল গেমৰ প্ৰতি আছিল প্ৰৱল আশক্তি । সকলো সময়তে কেৱল গেম খেলি থাকে । গেমত অৱসাদ গ্ৰস্থ হৈ যোৱা নিশা ঘৰত তেও আত্মহত্যা কৰে বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে । গেম নে আন কিবা কাৰণে যুৱক গৰাকী আত্মহত্য়া কৰিলে ইয়াৰ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে ।

অৱশ্যে পৰিয়ালৰ লোকে দাবি কৰা অনুসৰি মোবাইল গেমে কাল হ'ল মনচুৰ আহমেদৰ । আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব আত্মহত্য়াৰ প্ৰকৃত ৰহস্য়।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande