
শিৱসাগৰ, ১১ মে (হি.স.)। শিৱসাগৰ অসামৰিক চিকিৎসালয়ত চিকিৎসা কৰ্মীৰ উদ্ভণ্ডালিৰ অভিযোগ। সাধাৰণ লোকটো বাদেই শিৱসাগৰ জিলা উন্নয়ন আয়ুক্তক প্ৰহাৰৰ বাবে উদ্যত চিকিৎসা কৰ্মী। টিটেনাচ বেজী গ্ৰহণৰ বাবে জিলা উন্নয়ন আয়ুক্ত পৱিত্ৰ কুমাৰ দাস শিৱসাগৰ অসামৰিক চিকিৎসালয়ত তেওঁৰ চালক আৰু এগৰাকী চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ সহিতে কালি উপস্থিত হৈছিল । জিলা উন্নয়ন আয়ুক্ত গৰাকীয়ে বেজী গ্ৰহণ কৰি থকা অৱস্থাত চিকিৎসালয় খনৰ অকণি ফুকন নামৰ এগৰাকী চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে(অনিয়মীয়া) আয়ুক্ত গৰাকীক চাৰ্টৰ কলাৰত ধৰি প্ৰহাৰ কৰাৰ বাবে উদ্যত হয় বুলি আয়ুক্ত গৰাকীয়ে অভিযোগ উত্থাপন কৰিছে।
ইতিমধ্যে জিলা উন্নয়ন আয়ুক্ত পৱিত্ৰ কুমাৰ দাসে জয়সাগৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে। আনহাতে চিকিৎসালয় খনৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী(অনিয়মীয়া)অকণি ফুকনে এই সমস্ত অভিযোগ খণ্ডন কৰাৰ লগতে আয়ুক্ত গৰাকীয়ে থিয় বেজী লোৱাৰ পৰিৱৰ্তে বহি লোৱাৰ পৰামৰ্শ দিয়াৰ বাবেই তেওঁক জিলা উন্নয়ন আয়ুক্ত গৰাকীয়ে প্ৰহাৰ কৰে বুলি প্ৰতি অভিযোগ উত্থাপন কৰিছে। চিকিৎসালয় খনৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী( অনিয়মীয়া)অকণি ফুকনেও জয়সাগৰ আৰক্ষী থানাত জিলা উন্নয়ন আয়ুক্ত গৰাকীৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰিছে।
বিগত ২৫ বছৰে অকণি ফুকনে চিকিৎসালয় খনত চতুৰ্থ বৰ্গৰ কৰ্মচাৰী হিচাপে অনিয়মীয়াকৈ মাত্ৰ ৩৫০০ টকা পাৰিশ্ৰামিকেৰে সেৱা আগবঢ়াই আহিছে। আৰক্ষীৰ তদন্ততহে প্ৰকৃততে কোন দোষী সেই বিষয়ে পোহৰলৈ আহিব।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ