তামুলপুৰ জিলাৰ বিভিন্ন অঞ্চলত মেলেৰিয়া ৰোগৰ সংক্ৰমণত ৫০জনতকৈ অধিক লোক আক্ৰান্ত
তামুলপুৰ, ১১ মে (হি.স.)। তামুলপুৰ জিলাৰ বিভিন্ন অঞ্চলত মেলেৰিয়া ৰোগৰ প্ৰাদুৰ্ভাৱ। ৫০জনতকৈ অধিক লোক আক্ৰান্ত। অঞ্চলটোৰ কালচেনী, পিপলেনী আৰু নাগ্ৰীজুলি চাহ বাগিচাত মেলেৰিয়াৰ প্ৰাদুৰ্ভাৱ ৷ বাৰিষাৰ আগমনৰ লগে লগে বাগিছা খনৰ একাংশ স্থানত পানী জমা হোৱ
তামুলপুৰ জিলাৰ বিভিন্ন অঞ্চলত মেলেৰিয়া ৰোগৰ সংক্ৰমণত ৫০জনতকৈ অধিক লোক আক্ৰান্ত


তামুলপুৰ, ১১ মে (হি.স.)। তামুলপুৰ জিলাৰ বিভিন্ন অঞ্চলত মেলেৰিয়া ৰোগৰ প্ৰাদুৰ্ভাৱ। ৫০জনতকৈ অধিক লোক আক্ৰান্ত।

অঞ্চলটোৰ কালচেনী, পিপলেনী আৰু নাগ্ৰীজুলি চাহ বাগিচাত মেলেৰিয়াৰ প্ৰাদুৰ্ভাৱ ৷ বাৰিষাৰ আগমনৰ লগে লগে

বাগিছা খনৰ একাংশ স্থানত পানী জমা হোৱা বাবে মহৰ উপদ্ৰৱ বৃদ্ধি পাইছে।

জিলা প্ৰশাসনে সংবাদ মাধ্য়মক অবগত কৰা অনুসৰি পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে অঞ্চলটোত স্বাস্থ্য বিভাগৰ যুদ্ধংদেহী অভিযান আৰম্ভ।

অঞ্চলজুৰি ফগিং আৰু ঔষধযুক্ত আঠুৱা বিতৰণ স্বাস্থ্য কৰ্মীৰ। ৰাইজক সজাগ আৰু সতৰ্ক হৈ থাকিবলৈ স্বাস্থ্য বিভাগৰ আহ্বান।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande