
গোৱালপাৰা, ১১ মে (হি.স.)। দৰংগিৰিত সংঘটিত ভয়ঙ্কৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত পোন্ধৰ জনৰো অধিক লোক আহত হয়। ইয়াৰে তিনি জনৰ অৱস্থা সংকটজনক। ৰংজুলি থানাৰ অন্তৰ্গত দৰংগিৰিৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত মেক্সিমো পিকআপ বাহন এখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ ওপৰত বাগৰি পৰে ।বাহন খনত পোন্ধৰ জনৰো অধিক লোক আছিল।
দৰংগিৰিৰ পৰা কাচাদলত বিয়া খাবলৈ যোৱাৰ সময়তে উক্ত শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হয়। আহত সকলক ইতিমধ্যে ৰংজুলি চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা