১৯ জুনত মুক্তি পাব নতুন অসমীয়া ছবি ‘মহাবাহু-The Brahmaputra’
মুক্তিৰ বাবে সাজু হৈছে শিৱসাগৰীয়া কেইগৰাকীমান যুৱকৰ মিলিত প্রচেষ্টাত “মনঅৰিজিত এণ্টাৰটেইনমেণ্ট”ৰ বেনাৰত ‘লৌহিত্য আৰ্টচ’ৰ সহযোগত নিৰ্মিত অসমীয়া কথাছবি “মহাবাহু The Brahmaputra” । ১ মে’ৰ দিনা মহাবাহু ব্ৰহ্মপুত্ৰৰ পাৰৰ সুন্দৰ নৈসৰ্গিক পৰিৱেশত যোৰহাট
অসমীয়া কথাছবি “মহাবাহু The Brahmaputra” ।


মুক্তিৰ বাবে সাজু হৈছে শিৱসাগৰীয়া কেইগৰাকীমান যুৱকৰ মিলিত প্রচেষ্টাত “মনঅৰিজিত এণ্টাৰটেইনমেণ্ট”ৰ বেনাৰত ‘লৌহিত্য আৰ্টচ’ৰ সহযোগত নিৰ্মিত অসমীয়া কথাছবি “মহাবাহু The Brahmaputra” । ১ মে’ৰ দিনা মহাবাহু ব্ৰহ্মপুত্ৰৰ পাৰৰ সুন্দৰ নৈসৰ্গিক পৰিৱেশত যোৰহাটৰ নিমাটিঘাটত এখন নাঁৱত প্ৰথম টিজাৰ মুক্তি দিয়া হয় আৰু অহা ১৯ জুনত ছবিখনে মুক্তি পাব।

উল্লেখ্য যে ২০১৯ চনৰ শেষৰ ফালে ছবিখনৰ নিৰ্মাণ কাৰ্য আৰম্ভ হৈছিল । আৰু অনেক ঘাট-প্রতিঘাত নেওচি সুদীর্ঘ প্রায় ৭ বছৰৰ মুৰত ছবিখনে মুক্তিৰ ফালে আগবাঢ়িছে। কাহিনীকাৰ, পৰিচালক তথা অন্যতম মুখ্য চৰিত্ৰত অভিনয় কৰিছে প্ৰাঞ্জল প্ৰতিম চেতিয়া, অভিনেত্ৰী প্ৰীতি কংকনাৰ লগতে নবাগত প্রয়াস আৰু নৱাগতা অভিনেত্রী দীয়াশ্ৰীৰ যুঁটিয়ে দৰ্শকক আমোদ যোগাব। ছবিখনৰ প্ৰযোজনা কৰিছে মনোজ চাংবুন ফুকনে ।

উল্লেখনীয় যে ছবিখনৰ এটি গীতত কণ্ঠদান কৰিছে প্ৰাণৰ শিল্পী জুবিন গাৰ্গে । আন আন কণ্ঠশিল্পী সকল হৈছে শংকুৰাজ কোঁৱৰ, দীপলিনা ডেকা, পাপৰি গগৈ আৰু সীমান্ত শেখৰ। ছবিখনৰ এটা গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে ছেবাৰ অৱসৰপ্ৰাপ্ত সচিব আৰু এএইচইচিৰ পূৰ্বৰ সচিব আৰু লগতে সাংস্কৃতিক ক্ষেত্ৰৰ সৈতে জড়িত কমল জ্যোতি গগৈয়েও । অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ঠাইত ছবিখনৰ চিত্ৰগ্ৰহণ কৰাৰ উপৰিও প্ৰাঞ্জল প্ৰতীম আৰু প্ৰীতি কংকণাই অভিনয় কৰা এটি গীতৰ চিত্ৰগ্ৰহণ কৰা হৈছে সুদূৰ ভিয়েটনামত।

ছবিখনৰ চিত্ৰগ্ৰহণকাৰী ৰিপু কাশ্যপ আৰু ৰাজা গগৈ। চাউণ্ড ডিজাইন কৰিছে বলিউদ ছবি জগতৰ টেজায়ে। কাহিণীৰ পটভূমিত নতুনত্ব, দূসাহসিক অভিযান, একচন তথা ৰোমাঞ্চেৰে পৰিপূৰ্ণ মহাবাহু ছবিখনক দৰ্শকে আকোঁৱালি ল'ব বুলি আশাবাদী ছবিখনৰ প্ৰযোজক, পৰিচালক।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande