মহিলা টি-২০ বিশ্বকাপৰ বাবে বাংলাদেশৰ ১৫ জনীয়া দল ঘোষণা
নতুন দিল্লী, ১০ মে’ (হি.স.)। বাংলাদেশে আগন্তুক আইচিচি মহিলা টি-২০ বিশ্বকাপ ২০২৬ৰ বাবে ১৫ জনীয়া দল ঘোষণা কৰে৷ অহা ১২ জুনৰ পৰা ইংলেণ্ডত অনুষ্ঠিত হ’ব এই প্ৰতিযোগিতা। একেৰাহে তৃতীয়বাৰৰ বাবে টি-২০ বিশ্বকাপৰ বাবে বাংলাদেশৰ মহিলা দলৰ অধিনায়কত্ব কৰিব ন
फोटो


নতুন দিল্লী, ১০ মে’ (হি.স.)। বাংলাদেশে আগন্তুক আইচিচি মহিলা টি-২০ বিশ্বকাপ ২০২৬ৰ বাবে ১৫ জনীয়া দল ঘোষণা কৰে৷ অহা ১২ জুনৰ পৰা ইংলেণ্ডত অনুষ্ঠিত হ’ব এই প্ৰতিযোগিতা।

একেৰাহে তৃতীয়বাৰৰ বাবে টি-২০ বিশ্বকাপৰ বাবে বাংলাদেশৰ মহিলা দলৰ অধিনায়কত্ব কৰিব নিগাৰ চুলতানা। ইয়াৰ পূৰ্বে ২০২৩ আৰু ২০২৪ সংস্কৰণত দলটোৰ অধিনায়কত্ব কৰিছিল। বেটছউমেন তাজ নেহেৰ পুনৰ দললৈ নিৰ্বাচিত হয়। শ্ৰীলংকাৰ বিৰুদ্ধে বাংলাদেশৰ অন্তিমখন ছিৰিজত অংশ লোৱা শৰ্মিন চুলতানাক দলত অন্তৰ্ভুক্ত কৰা হোৱা নাই। বিশ্বকাপৰ বাবে নিৰ্বাচিত হৈছে মাত্ৰ দুগৰাকী বেগী বলাৰ মাৰুফা আখতাৰ আৰু ফৰিহা ইছলামক। নাহিদা, চুলতনা খাতুন, সঞ্জিদা আখতেৰ মাঘলা, আৰু ফাহিমা খাতুনৰ লগতে শ্বোৰ্না আৰু ৰাবেয়াই স্পিন আক্ৰমণৰ নেতৃত্ব দিব।

স্কটলেণ্ড আৰু নেদাৰলেণ্ডৰ সৈতে জড়িত ট্ৰাই ছিৰিজৰ বাবে অহা ২৫ মে’ত স্কটলেণ্ডৰ এডিনবাৰ্গলৈ ৰাওনা হ’ব বাংলাদেশ দলটো। এই শৃংখলাৰ উদ্দেশ্য হৈছে খেলুৱৈসকলক মূল প্ৰতিযোগিতাখনৰ আগৰ পৰিস্থিতিৰ সৈতে অভ্যস্ত কৰা। ইয়াৰ পিছত দলটোৱে প্ৰতিযোগিতা আৰম্ভ হোৱাৰ পূৰ্বে আইচিচি বিশ্বকাপৰ আনুষ্ঠানিক ৱাৰ্ম আপ মেচৰ বাবে ইংলেণ্ডৰ ল’ফব’ৰ’লৈ যাত্ৰা কৰিব। ১৪ জুনত এডগবাষ্টনত নেদাৰলেণ্ডৰ বিৰুদ্ধে বাংলাদেশে বিশ্বকাপৰ অভিযান আৰম্ভ কৰিব।

বাংলাদেশৰ দল:

নিগাৰ চুলতানা (অধিনায়ক), নাহিদা আখতাৰ (উপ অধিনায়ক), শৰ্মিন আখতাৰ সুপ্তা, শোভানা মোষ্টাৰী, শোৰ্না আখতাৰ, ঋতু মনি, ৰাবেয়া খান, ফাহিমা খাতুন, ফৰিহা ইছলাম তৃষ্ণা, মাৰুফা আখতাৰ, ছানজিদা আখতাৰ মাঘলা, চুলতনা খাতুন, দিলাৰা আখতাৰ, জুৰিয়া ফিৰদৌছ, তাজ নেহেৰ।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande