দোতমাৰ থুলুংগাপুৰীত বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ ৩৬ তম মৃত্যু বাৰ্ষিকী উদযাপন
দোতমাৰ থুলুংগাপুৰীত বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ ৩৬ তম মৃত্যু বাৰ্ষিকী উদযাপন ।
দোতমাৰ থুলুংগাপুৰীত বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ ৩৬ তম মৃত্যু বাৰ্ষিকী উদযাপন


কোকৰাঝাৰ, ০১ মে' (হি.স.): কোকৰাঝাৰ জিলাৰ দোতমাৰ থুলুংগাপুৰীত আজি বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ ৩৬ তম মৃত্যু বাৰ্ষিকী উদযাপন কৰা হয়। উপেন্দ্ৰ নাথ ব্ৰহ্ম ন্যাস আৰু নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৰ যুটীয়া উদ্যোগত তথা বিটিচি চৰকাৰৰ সহযোগত কোকৰাঝাৰ জিলাৰ দোতমা থুলুংগাপুৰিস্থিত বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ সমাধি ক্ষেত্ৰত শুকুৰবাৰে উদযাপন কৰা হয় বডোফাৰ ৩৬ সংখ্যক মৃত্যু বাৰ্ষিকী ৷

অনুষ্ঠানত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী, এবছুৰ সভাপতি খৌৰমদাও ৱাৰী আৰু উপেন্দ্ৰনাথ ব্ৰহ্ম ন্যাসৰ বিষয়ববীয়াসকল উপস্থিত থাকে। ৩৬ তম মৃত্যু দিৱসত সশ্ৰদ্ধ স্মৰণ কৰা হয় বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মক । পতাকা উত্তোলনেৰে বডোফাৰ মৃত্য বাৰ্ষিকী কাৰ্যসূচীৰ শুভাৰম্ভ কৰে এবছুৰ সভাপতি খৌৰমদাও ৱাৰীয়ে । ইয়াৰ পিছতে বডোফাৰ সমাধিত পুষ্পাঞ্জলী অৰ্পন কৰে বিটিচিৰ মুখ্য কাৰ্যবাহী হাগ্ৰামা মহিলাৰী, উপমুখ্য কাৰ্যবাহী ৰিহণ দৈমাৰী, এবছুৰ সভাপতি খৌৰমদাও ৱাৰী, কাৰ্যবাহী সদস্য দেৰহাছাৎ বসুমতাৰী , সাংসদ ৰণগৌৰা নাৰ্জিৰী, বিধায়ক লৰেন্স ইছলাৰী আৰু উপেন্দ্ৰনাথ ব্ৰহ্ম ন্যাসৰ বিষয়ববীয়া সকলে ।

ইপিনে অনুষ্ঠানত অংশগ্ৰহণ কৰি হাগ্ৰামা মহিলাৰীয়ে কয় যে আমাৰ মাজত দল সংগঠন বেলেগ বেলেগ থাকিব পাৰে আৰু ৰাজনীতি বেলেগ বেলেগ হ'ব পাৰে কিন্তু বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ ক্ষেত্ৰত বড়ো সমাজ একগোট । বডোফাৰ আদৰ্শ -নীতি লৈ অনাগত সময়ছোৱাত আম সকলোৱে কাম আৰু আগবাঢ়ি যাব বুলি মন্তব্য কৰিছে হাগ্ৰামা মহিলাৰীয়ে। আনহাতে এবছুৰ সভাপতি খৌৰমদাও ৱাৰীয়ে কয় যে বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মই বড়ো জাতিৰ হকে কাম কৰিছিল । সকলো জাতি জনগোষ্ঠীয়ে বডোফাক আঁকোৱালি লৈছিল আৰু বডোফাই জনজাতিৰ অধিকাৰ, মৌলিক আৰু সাংবিধানিক অধিকাৰৰ ক্ষেত্ৰত সচেতনতা আনিছিল ।

উল্লেখ্য যে উক্ত কাৰ্যসূচীৰ অন্তত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে বডোফাৰ জন্মগাঁও দোতমাৰ বৰাগাৰীস্থিত বাসগৃহলৈ গৈ পৰিয়ালক সাক্ষাৎ কৰে আৰু নিকটাত্মীয়ৰ সতে অন্তৰংগ আলাপত মিলিত হয় ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande