
শিৱসাগৰ, ০১ মে’ (হি.স.): শিৱসাগৰ জিলাৰ লাকুৱাৰ টিপমিয়াৰ আহোমতেকেলা গাওঁ খনত সংঘটিত হৈছে এক শোকাৱহ ঘটনা। যোৱা কালি বৃহস্পতিবাৰে সন্ধিয়া সংঘটিত হয় এই দুৰ্ঘটনা ৷
জানিব পৰামতে ট্ৰেক্টৰৰ খুন্দাত প্ৰজ্ঞান গগৈ নামৰ ৯ বছৰীয়া কিশোৰ এজনৰ ঘটনাস্থলীতে মৃত্যু হয় ৷ দুৰ্ঘটনা সংঘটিত কৰা ইটা কঢ়িওৱা বাহন খনৰ নম্বৰ এএছ ০৩ বিচি ৪০৯২ বুলি জনা গৈছে। এই ঘটনাক লৈ ঘটনাস্থলীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ পিছত নাজিৰা সমজিলাৰ শীৰ্ষ আৰক্ষী বিষয়াৰ উপস্থিতি হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ৷ অভিযোগ মতে তীব্ৰবেগী টেক্টৰৰ চালকে মবাইল ফোনত কথা পাতি আহি থাকোতেই এই দুৰ্ঘটনা সংঘটিত কৰে ৷ অৱশেষত আৰক্ষীয়ে আটক কৰি ট্ৰেক্টৰ চালকক নিজৰ জিম্মাত লৈছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ