কাছাৰ জিলাৰ সৰহ সংখ্যক পথৰ বিপৰ্যস্ত অৱস্থা
কাছাৰ, ০১ মে (হি.স.)। বাৰিষাৰ পুৰ্বেই কাছাৰ জিলাৰ সৰহ সংখ্যক পথ বিপৰ্যস্ত হৈ পৰিছে। শিলচৰ চহৰৰ লগতে শিলচৰ- কালাইন- শিলচৰ - জয়ন্তীয়া আদি আটাইকেইটা পথৰ অৱস্থা শোচনীয় হৈ পৰিছে। বিশেষকৈ শিলচৰ- জয়ন্তীয়া কালাইন আৰু শিলচৰ - কালাইন সংযোগী পথটোৰ শোচ
কাছাৰ জিলাৰ সৰহ সংখ্যক পথৰ বিপৰ্যস্ত অৱস্থা


কাছাৰ, ০১ মে (হি.স.)। বাৰিষাৰ পুৰ্বেই কাছাৰ জিলাৰ সৰহ সংখ্যক পথ বিপৰ্যস্ত হৈ পৰিছে। শিলচৰ চহৰৰ লগতে শিলচৰ- কালাইন- শিলচৰ - জয়ন্তীয়া আদি আটাইকেইটা পথৰ অৱস্থা শোচনীয় হৈ পৰিছে। বিশেষকৈ শিলচৰ- জয়ন্তীয়া কালাইন আৰু শিলচৰ - কালাইন সংযোগী পথটোৰ শোচনীয় অৱস্থাই জ্বলাকলা খুৱাইছে সাধাৰণ জনতাক।

অতি গুৰুত্বপূৰ্ণ শিলচৰ - কালাইন পথটোত সৃষ্টি হৈছে প্ৰকাণ্ড প্ৰকাণ্ড গাঁতৰ। বিশেষকৈ, মোহনপুৰ, জ্বলাগ্ৰাম আৰু ভাংগাৰপাৰ বজাৰৰ তিনি আলিত সৃষ্টি হোৱা পুখুৰী সদৃশ প্ৰকাণ্ড গাঁত সমুহৰ ফলত ভীষণ সমস্যাত পৰিছে যানবাহনৰ চালক আৰু পথচাৰী সকল। শিলচৰ,বৰখলা আৰু কাটিগৰা তিনিটা বিধানসভা সমষ্টিক সংযোগ কৰা কৰা এই পথটোৰে দৈনিক শ শ যানবাহন চলাচল কৰে । গাত সমুহৰ বাবে প্ৰায়ে দুৰ্ঘটনা সংঘটিত হয় পথচোৱাত। বিগত পাচ বছৰ ধৰি কংগ্ৰেছৰ দখলত থকা বৰখলা আৰু কাটিগৰা সমষ্টিৰ বিধায়ক দুজনেও এই পথটো মেৰামতি কৰাৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰাত বৰ্তমান সমগ্ৰ পথটোত সৃষ্টি হৈছে প্ৰকাণ্ড প্ৰকাণ্ড পুখুৰী সদৃশ গাঁতৰ। সেয়ে পথটো মেৰামতি কৰাৰ বাবে প্ৰশাসন আৰু লোক নিৰ্মাণ বিভাগৰ ওচৰত দাবী জনাইছে স্হানীয় লোকে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande